...

তিনিমহলীয়া বিল্ডিঙৰ পৰিল দুগৰাকী শ্ৰমিক

তিনিমহলীয়া বিল্ডিঙৰ পৰিল দুগৰাকী শ্ৰমিক

 

তলত পৰি কৰুণ মৃত্যু শ্ৰমিকৰ
বিল্ডিংটোৰ গৰাকীৰ বিৰূদ্ধে এজাহাৰ পৰিয়ালৰ

 

ধুবুৰী,৮মে’:

কালি ধুবুৰী চহৰৰ মাজমজিয়াৰ যোগোমায়া ঘাট অঞ্চলৰ সমীপত সংঘটিত হয় এক শোকাবহ ঘটনা। অঞ্চলটোৰ তিনিমহলীয়া এটা বিল্ডিংত কাম কৰি থকা অৱস্থাত অকষ্মাতে তললৈ পৰি যায় দুজনৈকে শ্ৰমিক। গুৰুতৰ আহত অৱস্থাত আফজাল হুছেইন আৰু আজিজুৰ শ্বেখ নামৰ সেই দুই গৰাকীক ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতাল লৈ নিয়া হয় যদিও মৃত্যু হয় দুয়োৰে। ইপিনে দূৰ্ভগীয়া সেই দুয়ো কৰ্মৰত বিল্ডিংটোৰ গৰাকী কল্যাণ কুমাৰ সাহাই মৃতদ্বয়ৰ কোনো ধৰণৰ খা-খৱৰ নোলোৱাক কেন্দ্ৰ কৰি ক্ষোভ উজাৰাৰ সমান্তৰালকৈ সাহাৰ বিৰূদ্ধে ভূক্তভোগীৰ পৰিয়ালে ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰা বুলিও জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *