...

কুংকি চৌধুৰীৰ কৃতিত্ব আৰু সাফল্য!

কুংকি চৌধুৰীৰ কৃতিত্ব আৰু সাফল্য!

সামাজিক মাধ্যমত কি জনালে কুংকি চৌধুৰীয়ে?

চাইন অন ডেস্ক,২০মে’:

এই শৈক্ষিক যাত্ৰা মোৰ বাবে আছিল বিশেষ৷ এই যাত্ৰাতেই কিদৰে শিক্ষা- মানুহ, নেতৃত্ব আৰু এক বিশেষ উদ্দেশ্যৰ দ্বাৰা গঢ়ি উঠা জীৱন্ত আৰু ক্ৰমবিকাশমান প্ৰক্ৰিয়া, সেই কথা অতি ওচৰৰ পৰা জনাৰ সুযোগ লাভ কৰিলোঁ৷

মোৰ বাবে শিক্ষা, মানুহৰ উত্তৰণ আৰু সাফল্যৰ এক পৰিৱৰ্তনশীল তথা পৰম তৃপ্তিদায়ক যাত্ৰাৰ সফল পৰিসমাপ্তি। এই সমগ্ৰ যাত্ৰাপথত আগবঢ়োৱা মাৰ্গদৰ্শন, অনুপ্ৰেৰণা আৰু নিৰন্তৰ সমৰ্থনৰ বাবে মই ইনষ্টিটিউট অৱ এডুকেশ্যনৰ প্ৰতিগৰাকী অধ্যাপক-অধ্যাপিকাৰ ওচৰত আন্তৰিকভাৱে কৃতজ্ঞ।

সহপাঠী আৰু বন্ধু-বান্ধৱীসকলৰ সৈতে জীৱনৰ এই বিশেষ অধ্যায়টো পাৰ কৰিবলৈ পাই মই নিজকে অতিকৈ সৌভাগ্যৱান অনুভৱ কৰিছোঁ। তেওঁলোকৰ সহযোগিতা, অনুপ্ৰেৰণা আৰু সাহচৰ্যই মোৰ এই যাত্ৰাক আৰু অধিক স্মৰণীয় কৰি তুলিলে।

শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা দীক্ষান্ত সমাৰোহত আমাৰ ডীন তথা সঞ্চালক লি ৱেই (Li Wei) মহোদয়ে কৈছিল যে আমি সকলোৱে “প্ৰচলিত ধাৰাক প্ৰশ্ন কৰিব পৰা যুক্তিবাদী চিন্তাবিদ” আৰু “সমাজলৈ ইতিবাচক পৰিৱৰ্তন আনিব পৰা উদ্ভাৱক”। তেখেতৰ এই কথাষাৰত IOE-ৰ সামগ্ৰিক পৰিৱেশ আৰু শিক্ষানুষ্ঠানখনত মোৰ নিজৰ অভিজ্ঞতাৰ সাৰমৰ্ম সুন্দৰভাৱে প্ৰতিফলিত হৈছে। মই জানো যে ইয়াত আহৰণ কৰা মূল্যবোধ, চিন্তা আৰু শিক্ষা আজীৱন মোৰ লগত থাকি যাব।

জীৱনৰ এই অধ্যায়টোৰ সামৰণি পৰাৰ লগে লগে মই মোৰ এই যাত্ৰাৰ সকলো অভিজ্ঞতা, শিক্ষা আৰু আপোন সম্পৰ্কবোৰৰ প্ৰতি অশেষ কৃতজ্ঞতা জনাইছোঁ৷ এই স্মৃতিবোৰে অনাগত দিনত মোৰ জীৱনক সুন্দৰকৈ গঢ় দিয়াত সহায় কৰিব৷
(সামাজিক মাধ্যমৰ পৰা সংগৃহীত)

Leave a Reply

Your email address will not be published. Required fields are marked *