...

‘আবৃত্তিৰ মহাৰণ’ শীর্ষক বহুভাষিক কবিতা আবৃত্তি প্ৰতিযোগিতা

‘আবৃত্তিৰ মহাৰণ’ শীর্ষক বহুভাষিক কবিতা আবৃত্তি প্ৰতিযোগিতা

চাইন অন ডেস্ক,২০মে’:

ভাৰত ৰত্ন, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ ঐতিহাসিক ক্ষণৰ সৈতে সংগতি ৰাখি অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ, বৰপথাৰ কুমাৰণীছিগা শাখা সমিতি, ডিব্ৰুগড়ৰ উদ্যোগত ‘আবৃত্তিৰ মহাৰণ’ শীর্ষক বহুভাষিক কবিতা আবৃত্তি প্ৰতিযোগিতাখনি অতি সুন্দৰভাৱে অনুষ্ঠিত হৈ যায়। বিয়লি ২ বজাৰ পৰা কুমাৰণীছিগাস্থিত বিশিষ্ট শিল্পী পেঞ্চনাৰ ৰেণু শৰ্মাৰ বাসগৃহত শাখা পৰ্যায়ৰ এই প্ৰতিযোগিতালানিৰ আয়োজন কৰা হয়। অতি কম সময়ৰ ভিতৰতে আয়োজন কৰা হৈছিল যদিও প্ৰতিযোগীৰ অভূতপূৰ্ব সঁহাৰিয়ে উদ্যোক্তাসকলক বিশেষভাবে উৎসাহিত কৰে। অনুষ্ঠানৰ আৰম্ভণিতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনৰ লগতে তেখেতৰ বহুমূলীয়া আৰু সুন্দৰ মন্তব্যৰে উপস্থিত প্ৰতিযোগী তথা সুধী সমাজক উৎসাহিত কৰে আমন্ত্ৰিত অতিথি কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ, ডিব্ৰুগড় জিলাৰ সভাপতি ড০ শশীকান্ত শইকীয়াই। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে কানৈ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ চুলতানা হাজৰিকাই আৰু তেখেতৰ সৈতে মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা আল্পনা গগৈ ভূঞাই সহযোগ কৰে আৰু দুয়োগৰাকী অতিথিয়ে আবৃত্তি কলাৰ গুৰুত্বৰ বিষয়ে বক্তব্য ৰাখে। সমগ্ৰ প্ৰতিযোগিতাখনৰ বিচাৰকৰ গুৰু দায়িত্ব পালন কৰে বিশিষ্ট আবৃত্তিকাৰ মামণি শৰ্মা আৰু আবৃত্তি বিশাৰদ সুদৰ্শনা ৰাজগুৰুৱে। উল্লেখ্য যে, এই শাখা পৰ্যায়ৰ বিজয়ী প্ৰতিযোগীসকলে পৰৱৰ্তী সময়ত ক্ৰমে জিলা আৰু অসম ভিত্তিত অনুষ্ঠিত হ’বলগীয়া ‘আবৃত্তি মহাৰণ’ত অংশগ্ৰহণ কৰিব পাৰিব। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে সমাজসেৱক কৃপাল ফুকন, শান্তনু কোচকে প্ৰমুখ্য কৰি ডিব্ৰুগড়ৰ ভালেসংখ্যক সংস্কৃতিসেৱী ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটিৰ আদৰণি ভাষণ আগবঢ়াই শাখাৰ সভানেত্ৰী ৰাজশ্ৰী সেনাপতি গগৈয়ে। উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা কনকচম্পা বৰগোহাঁয়ে। কবিতা প্ৰতিযোগিতাখনিৰ পৰিচালনা কৰে কাৰ্যকৰী সম্পাদিকা ডo পাপৰি কটকী কোচ, কাৰ্যকৰী সদস্য দেৱযানী তামুলী আৰু সহ সম্পাদক ৰতন গগৈয়ে। অনুষ্ঠানটিৰ সফল সমাপনত কায়িক- মানসিক সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়াই কাৰ্যনিৰ্বাহক সদস্যা ক্ৰমে ৰূপামণি গগৈ, দীপমণি বৰুৱা, পাপৰি গগৈ, নিবেদিতা চেতিয়া, জোনালী দত্ত, পুষ্পাঞ্জলি নেওগ চুতীয়া আৰু প্ৰীতাঞ্জলি মেধি শৰ্মা, মীনাক্ষী গগৈ কোঁৱৰ প্ৰমুখ্যে সমিতিৰ সকলো সদস্যাই। প্ৰতিযোগিতাৰ বিজয়ীসকল ক্ৰমে গজালি শাখাত প্ৰথম উদয়তেজ হাজৰিকা, দ্বিতীয় ঋতমৰাজ হাজৰিকা আৰু তৃতীয় ভাব্যা বৰুৱা। কিশলয় শাখাত প্ৰথম নাম্যা চেতিয়া, দ্বিতীয় শুভাংশু দুৱৰা আৰু তৃতীয় ধৰ্নিকা বুঢ়াগোহাঁই। মুকলি শাখাত প্ৰথম প্ৰান্তু প্ৰতীম বৰা, দ্বিতীয় দেৱযানী তামুলী আৰু তৃতীয় ৰিম্পী বৰুৱাই। প্ৰবীণ শাখাত প্ৰথম ৰেণু শৰ্মা, দ্বিতীয় কৃপাল ফুকন আৰু তৃতীয় গিৰীবালা দেউৰী ভৰালী।প্ৰদৰ্শনী মূলকভাৱে জোনাকী শাখাৰ পৰা আৰ্চিয়া দুৱৰাই স্থান লাভ কৰে। জাতীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *