হাবুঙক কেৱল মাত্ৰ উপাসনাৰ স্থান হিচাপে সীমিত পৰিসৰৰ মাজত ৰখাটো উচিত নহয়: বুৰঞ্জীবিদ ড০ নিত্যানন্দ গগৈ
ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ত মনোজ্ঞ আলোচনা সত্ৰ
ঢকুৱাখনা ,৩০আগষ্ট:

জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াৰ যুটীয়া সঞ্চালনাত ‘ঐতিহাসিক হাবুঙৰ সভ্যতা, সংস্কৃতি,সম্পদ আৰু সমন্বয় ‘ শীৰ্ষক মনোজ্ঞ আলোচনা সত্ৰত মুখ্য সমল ব্যক্তি হিচাপে আলোচনা আগবঢ়াই ড০ গগৈয়ে গগৈয়ে পথালি পাহাৰ শিলালিপিকে প্ৰমুখ্যে কৰি কেইবাখনো শিলালিপি আৰু তামৰ ফলকৰ পাঠৰ উদ্ধৃতিৰে কয় যে আহোম ৰাজ্য প্ৰতিষ্ঠাৰ পূৰ্বৰ পৰাই হাবুঙৰ অৱস্থিতি সম্পৰ্কে তথ্য পোৱা যায়। হাবুঙৰ শব্দটোৰ অৰ্থ হৈছে হা মানে মাটি আৰু বুঙ মানে আহল বহল। এটা গতিকে আহল-বহল ভূখণ্ডৰ অৱস্থিতিয়েই হ’ল হাবুঙ। পথালি পাহাৰ শিলালিপিৰ উদ্ধৃতিৰে ড০ গগৈয়ে কয় লগতে কয় যে, পশ্চিমে গহপুৰৰ ওচৰৰ চেচা নৈ আছিল হাবুঙ ৰাজ্যৰ পশ্চিম সীমা। আহোম সকলৰ পূৰ্বে ইয়াত চুতীয়া সকলে ৰাজত্ব কৰিছিল। বৰ্তমান হাবুঙৰ ভৌগোলিক পৰিসীমাৰ অতি ঠেক কৰি পেলোৱা হৈছে। ইংৰাজৰ শাসন কালৰ পুৰণি লখিমপুৰ জিলাখনেই প্ৰকৃততে হাবুঙ আছিল।১৯৯০ চনত পৰা ধেমাজি জিলাৰ পশ্চিম সীমাৰ আজুহা অঞ্চলত পোৱা কিছু ঐতিহাসিক সমলক কেন্দ্ৰ কৰি বৰ্তমান ঐতিহ্যমণ্ডিত হাবুঙৰ কথা পুনৰবাৰ উজ্জ্বিৱিত হৈ উঠিছে। চৰকাৰী পৃষ্ঠপোষকতাত অঞ্চলটো পৰ্যটন স্থলীলৈ ৰূপান্তৰিত হোৱাটো আদৰণীয় কথা। কিন্তু হাবুঙক কেৱলমাত্ৰ উপাসনাৰ স্থান হিচাপে সীমিত পৰিসৰৰ মাজত ৰখাটো উচিত নহয়। চুকাফাই ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ উত্তৰ পাৰলৈ আহি হাবুঙত তিনিটা বছৰ বাহৰ পাতি ৰাজধানীৰ কাম কাজ পৰিচালনা কৰাটোৱে এইটো কথা প্ৰমাণ কৰে যে দক্ষিণ পাৰৰ বকতা, শলগুৰি আদি ঠাইৰ তুলনাত হাবুঙত জনবসতি ঘন আছিল। তেওঁ কৃষি কৰ্মৰ বাবে সুবিধাজনক হোৱাৰ বাবে হাবুঙতে ৰাজধানী পাতিব পাৰি নেকি তাৰ ওপৰত পৰ্যবেক্ষণ কৰিছিল। কিন্তু সঘনাই হোৱা বানপানীৰ বাবে তেওঁ সেই অঞ্চল ত্যাগ কৰি চৰাইদেউলৈ ৰাজধানী উঠাই নিছিল বুলি ড০ গগৈয়ে কয়।হাবুঙ ৰাজ্যৰ আহোম ৰাজ্যতকৈ পুৰণি বুলি অভিহিত কৰি তেওঁ কয় যে হাবুঙৰ বহু তথ্য এতিয়াও উদ্ধাৰ হোৱা নাই। এই অঞ্চলৰত বাহ্মণ লোকৰ বসতি আৰু প্ৰভাৱ অধিক আছিল বুলি ত্যাওখামতিৰ সন্তান সম্ভৱা দ্বিতীয় পত্নীযক বামুণে আশ্ৰয় দি বামুণী কোঁৱৰ ওৰফে চুডাংফাক ১০-১২ বছৰ পৰ্যন্ত লালন পালন কৰা কথাই প্ৰমাণ কৰে। অসম আহোম সভাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু হাৰ্হি মহাবিদ্যালয়ৰ ইতিহাস বিভাগ আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সহযোগত শিক্ষানুষ্ঠানখনৰ সভাগৃহত অনুষ্ঠিত আলোচনা সত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক তথা বিশিষ্ট ৰাজনৈতিক বিশ্লেষক ড০ অখিল ৰঞ্জন দত্তই বক্তব্যত কয় যে বৃহত্তৰ ঢকুৱাখনা অঞ্চলটোৱে দশম শতিকাৰ পৰাই ঐক্য, শান্তি আৰু সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰা তথ্য পোৱা যায়। ইয়াত ২০০ মিটাৰ এলেকাৰ ভিতৰত নামঘৰ,জৈন মন্দিৰ আৰু মছজিদ আছে। কিন্তু কোনো দিনে একো সংঘাতৰ উদাহৰণ নাই। একেদৰে নিতুমণি শইকীয়ায়ো কয় পুৰণি হাবুঙৰ পৰিসীমা যদি সমগ্ৰ লখিমপুৰ জিলাৰ পৰিসীমা বুলি ধৰা হয় তেন্তে এই অঞ্চলৰ ৰাইজে একতা,ঐক্য সংহতি অক্ষুণ্ণ ৰাখি নিজৰ শ্ৰমেৰে বিশেষকৈ কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হৈ নিদৰ্শন দাঙি ধৰিছে। আলোচনা সত্ৰত শিৱসাগৰৰ বুৰঞ্জীবিদ ৰেখা বুঢ়াগোহাঁয়েও আলোচক হিচাবে গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে।
হাৰ্হি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মানসজ্যোতি নেওগৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা আলোচনা সত্ৰখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সদৌ অসম আহোম সভাৰ লখিমপুৰ জিলা সমিতিৰ সম্পাদক সুৰজ বৰুৱাই আৰু শেষত শলাগৰ শৰাই আগবঢ়ায় ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক ধ্ৰুৱজ্যোতি দত্তই।আলোচনা সত্ৰখনত
আনকেইবাজনো গণ্য-মান্য ব্যক্তিৰ লগতে
হাৰ্হি মহাবিদ্যালয়ৰ গৰিষ্ঠসংখ্যক অধ্যাপক-অধ্যাপিকা উপস্থিত থাকে।