...

লায়ন কে. কে. সাহাৰিয়া চকু চিকিৎসালয়ৰ উদ্যোগত ডিব্ৰুগড়ত সজাগতা আৰু শিক্ষক সম্বৰ্ধনা সভা

লায়ন কে. কে. সাহাৰিয়া চকু চিকিৎসালয়ৰ উদ্যোগত

ডিব্ৰুগড়ত সজাগতা আৰু শিক্ষক সম্বৰ্ধনা সভা

শিক্ষকৰ সজাগতাই সুৰক্ষিত কৰিব শিশুৰ দৃষ্টিশক্তি:পদুম ৰাজখোৱা

চাইন অন ডেস্ক,৩০আগষ্ট:

বিদ্যালয়ৰ শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ চকুৰ সমস্যাসমূহ প্ৰাৰম্ভিক অৱস্থাতে চিনাক্ত কৰি উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত শিক্ষক সমাজৰ ভূমিকা অপৰিসীম। শিশুৰ দৃষ্টিশক্তি সুৰক্ষিত কৰাৰ লগতে শিক্ষকসকলক অধিক সংবেদনশীল আৰু সজাগ কৰি তোলাৰ উদ্দেশ্যে লায়ন্স ক্লাব অৱ ব্ৰহ্মপুত্ৰ ভেলীৰ অন্যতম সেৱামূলক প্ৰকল্প ‘লায়ন কে. কে. সাহাৰিয়া চকু চিকিৎসালয়’ৰ উদ্যোগত আজি ডিব্ৰুগড়ৰ লায়ন ৰাধেশ্যাম আগৰৱালা প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ সজাগতা আৰু শিক্ষক সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।
লায়ন কে. কে. সাহাৰিয়া চকু চিকিৎসালয়ৰ অধ্যক্ষ সঞ্জয় জৈনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসম সাহিত্য সভাৰ উপ-সভাপতি তথা বিশিষ্ট সাহিত্যিক পদুম ৰাজখোৱাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অসম সাহিত্য সভাৰ যুৱ সংসদৰ আহ্বায়ক গৌতম গগৈ, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ তৃষ্ণা বৰা আৰু জিলা অন্ধতা নিয়ন্ত্ৰণ সমিতিৰ বিষয়া ছামীম আখতাৰ আলী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
সভাত মুখ্য অতিথিৰ ভাষণত পদুম ৰাজখোৱাই কয় যে বৰ্তমানৰ ডিজিটেল যুগত মোবাইল ফোন আৰু অন্যান্য বৈদ্যুতিন পৰ্দাৰ অত্যধিক ব্যৱহাৰৰ ফলত শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে চকুৰ ওপৰত চাপ বৃদ্ধি পাইছে। শিশুসকলক পৰ্দাৰ অত্যধিক ব্যৱহাৰৰ পৰা আঁতৰাই ৰখাৰ ক্ষেত্ৰত পৰিয়াল আৰু বিদ্যালয়—উভয় পৰিৱেশতে অভিভাৱক আৰু শিক্ষকসকলৰ বিশেষ দায়িত্ব আছে। শিক্ষকসকল কেৱল জ্ঞান প্ৰদানকাৰীয়েই নহয়, তেওঁলোক নতুন প্ৰজন্মৰ দিকদৰ্শকো। সেয়েহে ছাত্ৰ-ছাত্ৰীক সুস্থ, সচেতন আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাৰ সমান্তৰালভাৱে তেওঁলোকৰ স্বাস্থ্য, বিশেষকৈ চকুৰ যতনৰ প্ৰতিও শিক্ষকসকলে গুৰুত্ব দিয়া উচিত বুলি তেওঁ মন্তব্য কৰে।
সভাত স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ তৃষ্ণা বৰাই কয় যে বহু সময়ত কোমলমতি শিশুৱে শ্ৰেণীকোঠাৰ ফলকত লিখা আখৰ স্পষ্টকৈ দেখিবলৈ অসুবিধা পালেও নিজৰ সমস্যাটো প্ৰকাশ কৰিব নোৱাৰে। শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ পঢ়াৰ ধৰণ, বহাৰ অৱস্থান অথবা চকুৰ কোনো বিশেষ অসুবিধা সূক্ষ্মভাৱে লক্ষ্য কৰি শিক্ষকসকলে প্ৰাৰম্ভিক পৰ্যায়তে এনে সমস্যা চিনাক্ত কৰিব পাৰে। সময়মতে চকু পৰীক্ষা কৰাই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিলে শিশুৰ শৈক্ষিক জীৱনত সৃষ্টি হ’ব পৰা বহু সমস্যাই প্ৰতিৰোধ কৰিব পৰা যায় বুলিও তেওঁ উল্লেখ কৰে।
সভাপতিৰ ভাষণত সঞ্জয় জৈনে কয় যে ‘ভালকৈ দেখা, ভালকৈ শিকা, ভালকৈ আগবঢ়া’ মূলমন্ত্ৰক সাৰোগত কৰি চিকিৎসালয়খনে শিশুসকলৰ সুস্থ দৃষ্টিশক্তি সুৰক্ষিত কৰাৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে। শিক্ষা প্ৰতিষ্ঠান, পৰিয়াল আৰু চিকিৎসা খণ্ডই সমন্বিতভাৱে পদক্ষেপ গ্ৰহণ কৰিলেহে শিশুৰ চকুৰ সমস্যাসমূহ সময়মতে চিনাক্ত কৰি উপযুক্ত চিকিৎসা প্ৰদান কৰা সম্ভৱ হ’ব বুলি তেওঁ মত প্ৰকাশ কৰে।
তেওঁ লগতে কয় যে আগন্তুক শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি শিক্ষকসকলক শ্ৰদ্ধা আৰু সন্মান জনোৱাৰ উদ্দেশ্যে এই সভাত শিক্ষক-শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা জনোৱা হৈছে। জীৱনত গুৰুসকলক সন্মান কৰিব নাজানিলে কোনো ব্যক্তিয়েই প্ৰকৃত সাৰ্থকতা লাভ কৰিব নোৱাৰে। সেয়েহে জীৱনত যিসকল গুৰুৱে আমাক জ্ঞান আৰু পথপ্ৰদৰ্শন আগবঢ়াইছে, তেওঁলোকক সদায় সন্মান কৰিবলৈ শিকিব লাগে বুলি তেওঁ মন্তব্য কৰে।
সভাত চিকিৎসালয়খনৰ সভানেত্ৰী প্ৰমিলা সাহাৰিয়া, সম্পাদক শাৰ্দ হানচাৰিয়া, কোষাধ্যক্ষ অশোক কুমাৰ জালান, লায়ন্স ক্লাব অৱ ব্ৰহ্মপুত্ৰ ভেলীৰ সভাপতি অবিনাশ প্ৰতাপ কানৈ, সম্পাদক কৃষ্ণ ভাৰতীয়া আৰু কোষাধ্যক্ষ অজয় জৈন প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ ৫০খনতকৈ অধিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে এই সজাগতা সভাত অংশগ্ৰহণ কৰাৰ লগতে সম্বৰ্ধনা গ্ৰহণ কৰে। শিশুৰ দৃষ্টিশক্তিৰ সুৰক্ষা আৰু শিক্ষকসকলৰ মাজত চকুৰ যতনৰ প্ৰতি সজাগতা বৃদ্ধিৰ লক্ষ্যৰে চিকিৎসালয় কৰ্তৃপক্ষই গ্ৰহণ কৰা এই সামাজিক পদক্ষেপক উপস্থিত ৰাইজে ভূয়সী প্ৰশংসা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *