আন্তঃজিলা আৰু ৰাজ্যিক টেবুল টেনিছ চেম্পিয়নশ্বিপত
ডিব্ৰুগড়ৰ ফাইজান হুছেইনৰ সোণৰ পদক
চাইন অন ডেস্ক:
গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ ডি টি আৰ পি ইনড’ৰ হলত ২৯ নবেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ অনুষ্ঠিত ইউটিটি ৭৩ সংখ্যক আন্তঃজিলা আৰু ৰাজ্যিক টেবুল টেনিছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি ডিব্ৰুগড়ৰ ফাইজান হুছেইনে প্ৰতিযোগিতাখনত ১৫ বছৰ অনুৰ্দ্ধ ল’ৰাৰ দলীয় শাখাত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰে। তেওঁ ১৫ বছৰ অনুৰ্দ্ধ ল’ৰাৰ একক শাখাতো ৰানাৰ্ছ-আপ স্থান অৰ্জন কৰে। ফাইজান হুছেইন বৰ্তমান ডিব্ৰুগড় জিলা ক্ৰীড়া সংস্থা (ডিডিএছএ)-ৰ অধীনত অনুশীলন কৰি আছে। ফাইজানে ডিব্ৰুগড়ৰ মলখুবছা নিবাসী ৰে’লৱে অভিযন্তা মুহিবুল হুছেইন আৰু ডা০ ৰাণী হুছেইন চুতীয়াৰ পুত্ৰ আৰু বৰ্তমানে ডিব্ৰুগড় ডনবস্কো স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ।
Like this:
Like Loading...