...

অসম পৰ্বতাৰোহণ সন্থাৰ উদ্যোগত ২৭-২৮ ডিচেম্বৰত দুঃসাহসিক ক্রীড়া প্ৰশিক্ষণ শিৱিৰৰ আয়োজন

অসম পৰ্বতাৰোহণ সন্থাৰ উদ্যোগত ২৭-২৮ ডিচেম্বৰত দুঃসাহসিক ক্রীড়া প্ৰশিক্ষণ শিৱিৰৰ আয়োজন

৫ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ অংশগ্ৰহণ

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:-

অসম পৰ্বতাৰোহণ সন্থাই বিগত বৰ্ষৰ দৰে এইবছৰো শিশুসকলৰ বাবে বিশেষ দুঃসাহসিক ক্রীড়া (পৰ্বতাৰোহণ সন্দৰ্ভত) প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰিছে৷ শিশু আৰু কিশোৰসকলক দুঃসাহসিক ক্ৰীড়াৰ সৈতে পৰিচয় কৰোৱাৰ উদ্দেশ্যে পূৰ্বৰ দৰে এইবছৰো অহা ২৭ আৰু ২৮ ডিচেম্বৰত দুদিনীয়াকৈ গুৱাহাটীত ৩৫সংখ্যক শিশু দুঃসাহসিক ক্রীড়া প্রশিক্ষণ শিৱিৰৰ আয়োজন কৰা হৈছে। এই শিৱিৰত
নৱপ্ৰজন্মক শৈলাৰোহণ,ট্রেকিঙৰ উপৰিও পৰ্বতাৰোহণ সন্দর্ভত প্রয়োজনীয় বিভিন্ন প্রশিক্ষণ প্ৰদান কৰা হ’ব৷ প্রশিক্ষণ শিৱিৰত ৫ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৱে অংশগ্ৰহণ কৰিব পাৰিব৷ সন্থাই দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী শিশু আৰু কিশোৰক অভিভাৱকসকলৰ সৈতে ২৭ ডিচেম্বৰৰ পুৱা ৭বজাত শৰণীয়া পাহাৰস্থিত গান্ধী মণ্ডপৰ মুখ্যদ্বাৰৰ সন্মুখত উপস্থিত হ’বলৈ আহবান জনাইছে। প্রশিক্ষণ শিবিৰত যোগদান কৰিবলৈ আগ্রহীসকলক অধিক তথ্যৰ বাবে উলুবাৰীস্থিত আৰ জি বৰুৱা কমপ্লেক্সত থকা অসম পৰ্বতাৰোহণ সন্থাৰ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰিব। ইচ্ছুক দুঃসাহসিক ক্রীড়াপ্রেমীয়ে এই সন্দৰ্ভত অধিক তথ্যৰ বাবে ৮২৫৩৯২০২৭৯, ৮৬৩৮২৮৩৫০৭ আৰু ৮৪৮৬৮১২৯০১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *