ডিব্ৰুগড় জিলা প্রাথমিক শিক্ষক সম্মিলনী নেতৃত্বত “স্মৰণ কৰক – সমাধান কৰক,গ্রেড পে’ ঘূৰাই দিয়ক” দাবীত
ডিব্ৰুগড় জিলা আয়ুক্তৰ লগতে চাৰি সম জিলা আয়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ
চাইন অন ডেস্ক:
অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত অসমৰ ৫১টা মহকুমাৰ লগতে ডিব্রুগড় জিলা প্রাথমিক শিক্ষক সন্মিলনীয়ে সপ্তম দৰমহা আয়োগে শিক্ষক সকলক প্রদান কৰা আঠ হাজাৰ সাতশ( ৮৭০০/) টকাৰ গ্রেড পে সোতৰ মাহৰ বাবে দি পুনৰ ঘূৰাই লোৱা কাৰ্যৰ তীব্ৰ বিৰুদ্ধাচৰণ কৰি উক্ত গ্রেড পে পুনৰ বাহাল ৰাখিবলৈ জিলাৰ আযুক্ত আৰু সম জিলাৰ আয়ুক্ত সকলৰ জৰিয়তে মুখ্য মন্ত্ৰী
মহোদয়লৈ স্মাৰক পত্ৰ প্রদান কৰে। জিলা আযুক্তক জিলা সন্মিলনীৰ সভাপতি ভদ্রসেন সোনোৱালৰ নেতৃত্বত বৰবৰুবা খণ্ডৰ সভাপতি মিন্টাজুৰ ৰহমান সহিতে বিষয়ববীয়া, ডিব্ৰুগড় সদৰৰ ৰূপজ্যোতি দত্ত আৰু বিষয়ববীয়া, লাহোৱাল খণ্ডৰ সভাপতি আগঞ্জলি মৰাণ আৰু সম্পাদক ৰিন্টু চেতিয়া লগতে বিষয়ববীয়া সকল একেদৰে নাহৰকটীয়া সম জিলাৰ আয়ুক্তক সন্মিলনী সম্পাদক পংকজ বড়া আৰু জয়পুৰ খণ্ডৰ সভাপতি চাজিদ আহমেদ সম্পাদক সীতাৰাম কুম্ভকাৰ সহিতে বিষয়ববীয়া আৰু দুলীয়াজান সম জিলাৰ আয়ুক্তক ৰাজ্যিক সন্মিলনীৰ সভানেত্ৰী নিলাক্ষী গগৈ সহ টেঙাখাত খণ্ডৰ সভাপতি থানেশ্বৰ শৰ্মা সম্পাদক মৃদুল চন্দ্ৰ বৰা আৰু জিলা সহসম্পাদক হেমধৰ গগৈ সহ বিষয়ববীয়া আৰু খোৱাং সম জিলাৰ আয়ুক্তক খোৱাং খণ্ডৰ ভাস্কৰ জ্যোতি গগৈ আৰু বিষয়ববীয়া সকলে টিংখাং সমজিলাৰ আয়ুক্তক জিলাৰ মহিলাকোষৰ সদস্যা জ্যোতি দেউৰী আৰু খোৱাং খণ্ডৰ সভাপতি ৰজনী চেতিয়া সহ বিষয়ববীয়া সকলৰ সহযোগত স্মাৰক প্রদান কৰা হয়। কালি সমগ্ৰ অসমৰ প্ৰাথমিক শিক্ষক সন্মিলনীয়ে মুখ্য মন্ত্ৰীলৈ প্ৰদান কৰা স্মাৰক পত্ৰত অহা এমাহৰ ভিতৰত সমস্যাটো সমাধান কৰিবলৈ আহ্বান জনোৱা হৈছে। যদিহে বিষয়টো সমাধান নহয় তেন্তে প্ৰাথমিক শিক্ষক সন্মিলনীৰ নেতৃত্বত সমগ্ৰ অসমত গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰা কথা জানিবলৈ দিয়ে।
Like this:
Like Loading...