মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবৰ শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে আয়োজন কৰা হয় শীতকালীন বাণিজ্য মেলা ।কল ইণ্ডিয়াৰ মহিলা সমাজৰ উদ্যোগত আৰু উত্তৰ পূব কয়লা ক্ষেত্ৰৰ সহযোগত আয়োজন কৰা হয় এই বাণিজ্য মেলা। তিনি দিনীয়া এই মেলাত বত্ৰিশ গৰাকী থলুৱা উদ্যোগী মহিলাই অংশগ্ৰহণ কৰে।
থলুৱা উদ্যোগী মহিলা সকলক উৎসাহিত কৰি উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা হয় এই বাণিজ্য মেলা।
এই মেলাৰ সামৰণি উপলক্ষে সন্ধিয়া আয়োজন কৰা হয় এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান। সাংস্কৃতিক অনুষ্ঠানত উত্তৰ পূব কয়লা ক্ষেত্ৰৰ মহাপ্ৰৱন্ধক দ্বয় কে মেৰে আৰু এম পি দত্তৰ লগতে অন্যান্য বিষয়া সকল উপস্থিত থাকে।
চকু চিকিৎসক দিব্যা বৰঠাকুৰে আঁত ধৰা অনুষ্ঠানত অনাতাঁৰ কণ্ঠশিল্পী শিৱাণী ফুকন, কণ্ঠশিল্পী বৰ্ণালী চক্ৰৱৰ্তীৰ সংগীতানুষ্ঠান আৰু নৃত্যানুষ্ঠান অনুষ্ঠিত হয়। ৰাজশ্ৰী দাস নায়ক,অনেঙ দলে আৰু দিব্যা সিঙ বৰঠাকুৰৰ পৰিকল্পনাৰে থলুৱা উদ্যোগী প্ৰতিষ্ঠান মুহি আৰু মাকুনৰ উৎপাদিত ডিজাইনাৰ কাপোৰ আৰু অলংকাৰে সাজপাৰ প্ৰদৰ্শনী অনুষ্ঠান, আন এক উল্লেখযোগ্য দিশ আছিল।