উৎপাদন ক্ষমতা ১,০০০ মেগাৱাটলৈ বৃদ্ধি
চাইন অন ডেস্ক,৯মে’ঃ দেশৰ বিদ্যুৎ মন্ত্ৰালয়ৰ অধীনস্থ ‘নৱৰত্ন’ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান এন এইচ পি চি লিমিটেডে (NHPC Limited) ইয়াৰ ২,০০০ মেগাৱাট ক্ষমতাৰ ‘নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প’ৰ (SLHEP) চতুৰ্থটো ইউনিটৰ (২৫০ মেগাৱাটৰ ইউনিট-৪)কালি বাণিজ্যিক উৎপাদনৰ কথা ঘোষণা কৰে। ইয়াৰ সৈতে প্ৰকল্পটোৱে ইয়াৰ মুঠ লক্ষ্যস্থিত ক্ষমতাৰ আধাসংখ্যক উৎপাদনৰ স্তৰ লাভ কৰিলে।কালি এই ইউনিটটোৰ বাণিজ্যিক কাৰ্যকলাপ আৰম্ভ হোৱাৰ লগে লগে ৰাষ্ট্ৰীয় গ্ৰীডত আৰু ২৫০ মেগাৱাট নতুনকৈ তথা নবীকৰণযোগ্য শক্তি সংযোজিত হ’ল, যাৰ ফলত প্ৰকল্পটোৰ মুঠ কাৰ্যক্ষম ক্ষমতা ১,০০০ মেগাৱাটৰে এক মাইলৰ খুঁটিত উপনীত হ’ল বুলিও বিবেচিত হৈছে।
অৰুণাচল প্ৰদেশ আৰু অসমৰ সীমান্তত অৱস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ভাৰতৰ অন্যতম বৃহৎ জলবিদ্যুৎ প্ৰকল্প। ২০০৪ চনৰ ১২ অক্টোবৰত বন বিভাগৰ অনুমোদন লাভ কৰাৰ পিছত ২০০৫ চনৰ জানুৱাৰী মাহত ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল। অৱশ্যে স্থানীয় বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ আৰু আন্দোলনৰ বাবে ২০১১ চনৰ ডিচেম্বৰৰ পৰা ২০১৯ চনৰ অক্টোবৰলৈকে নিৰ্মাণ কাৰ্য স্তব্ধ হৈ আছিল। প্ৰায় আঠ বছৰীয়া এই বিলম্বৰ বাবে প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ সময়সীমা যথেষ্ট পিছুৱাই দিবলগীয়া হৈছিল।
প্ৰকল্পটোৰ প্ৰথমটো ইউনিট (ইউনিট-২) ২০২৫ চনৰ ২৩ ডিচেম্বৰত বাণিজ্যিকভাৱে মুকলি কৰা হৈছিল। ইয়াৰ পিছত ২০২৬ চনৰ ১ ফেব্ৰুৱাৰীত দ্বিতীয়টো ইউনিট (ইউনিট-৩) কাৰ্যক্ষম হোৱাত ৰাষ্ট্ৰীয় গ্ৰীডলৈ ইয়াৰ অৱদান ৫০০ মেগাৱাটলৈ বৃদ্ধি পায়। ২০২৬ চনৰ ২০ মাৰ্চত তৃতীয়টো ইউনিট কাৰ্যক্ষম হোৱাৰ লগে লগে মুঠ উৎপাদন ক্ষমতা ৭৫০ মেগাৱাট হয়।কালি চতুৰ্থটো ইউনিট মুকলি কৰাৰ লগে লগে যোৱা কেইবামাহো ধৰি চলি থকা ধাৰাবাহিক প্ৰক্ৰিয়াটোৱে ১,০০০ মেগাৱাটৰ প্ৰতীকী অৰ্ধেক লক্ষ্যত উপনীত হ’ল।
এই সাফল্যত সন্তোষ প্ৰকাশ কৰি এন এইচ পি চি-ৰ পৰিচালন সঞ্চালক ভূপেন্দ্ৰ গুপ্তাই কয়, “এই ইউনিটটোৰ সফল শুভাৰম্ভই এন এইচ পি চি-ৰ কাৰিকৰী দক্ষতা আৰু প্ৰকল্প ৰূপায়ণৰ সক্ষমতাক প্ৰতিফলিত কৰিছে। লগতে বহনক্ষম আৰু স্বনিৰ্ভৰশীল শক্তি খণ্ডৰ বাবে ভাৰত চৰকাৰৰ যি লক্ষ্য, তাক শক্তিশালী কৰাৰ দিশত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।” তেওঁ ভাৰত চৰকাৰৰ বিদ্যুৎ মন্ত্ৰালয়ৰ লগতে অসম আৰু অৰুণাচল চৰকাৰক তেওঁলোকৰ নিৰন্তৰ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ উপৰিও কাৰ্যবাহী সঞ্চালক ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত সোৱণশিৰি নামনি প্ৰকল্পৰ দলটো আৰু নিগমৰ কৰ্প’ৰেট কাৰ্যালয়ৰ বিভিন্ন বিভাগৰ প্ৰচেষ্টাক তেওঁ শলাগ লয়। বাকী থকা ইউনিটসমূহো নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত কাৰ্যক্ষম হ’ব বুলি তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰে।
অভিযান্ত্ৰিক উৎকৰ্ষৰ এক নিদৰ্শন হিচাপে পৰিগণিত এই প্ৰকল্পটোত ভাৰতৰ আটাইতকৈ গধুৰ হাইড্ৰ’ জেনেৰেটৰ ৰটৰ (rotors), সৰ্ববৃহৎ ষ্টেটৰ (stators) আৰু আটাইতকৈ ডাঙৰ মেইন ইনলেট ভাল্ভ স্থাপন কৰা হৈছে। লগতে ইয়াত দেশৰ বৃহত্তম এগ্ৰিগেট প্ৰচেছিং প্লাণ্ট আৰু বান্ধৰ কনক্ৰিটিং কাৰ্যৰ বাবে প্ৰথমবাৰৰ বাবে ‘ৰটেক টাৱাৰ বেল্ট’ (Rotec’s Tower Belt) ব্যৱহাৰ কৰাৰ দৰে অত্যাধুনিক কৌশল প্ৰয়োগ কৰা হৈছে।
সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱাৰ পিছত নামনি সোৱণশিৰি প্ৰকল্পৰ পৰা বছৰি প্ৰায় ৭,৫০০ নিযুত কিলোৱাট-ঘণ্টা বিদ্যুৎ উৎপাদন হোৱাৰ আশা কৰা হৈছে। বান নিয়ন্ত্ৰণ, গ্ৰীডৰ স্থিৰতা ৰক্ষা আৰু নিকা শক্তিৰ সংহতিৰ ক্ষেত্ৰতো এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা ল’ব।
২০২৭ চনৰ মাৰ্চ মাহৰ ভিতৰত বাকী থকা চাৰিটা ইউনিট পৰ্যায়ক্ৰমে কাৰ্যক্ষম কৰি সমগ্ৰ প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। বৰ্তমানে ১,০০০ মেগাৱাট উৎপাদনৰ সৈতে এন এইচ পি চি-ৰ এই অভিলাষী প্ৰকল্পটো উত্তৰ-পূৰ্বাঞ্চল তথা দেশৰ উন্নয়নৰ বাবে লোৱা সংকল্প পূৰণৰ সঠিক দিশত অগ্ৰসৰ হৈছে।