পহিলা বহা’গৰ দিনটো নিজৰ দিন হিচাপে উদযাপন ডিব্ৰুগড় সাহিত্য সভাৰ
৬ জ্যেষ্ঠ ব্যক্তিক বিহুৰ ওলগ-সন্মান
অসম জাতীয়তাবাদী যুৱ পৰিষদৰ যৌথ উদ্যোগত সংকল্পৰ দিন
চাইন অন ডেস্ক:
পহিলা ব’হাগৰ দিনটোত প্ৰতি বছৰৰ দৰে এইবাৰো ডিব্ৰুগড় সাহিত্য সভাই ‘নিজৰ দিন ‘হিচাপে উদযাপন কৰে। নিজৰ দিন উপলক্ষে অসম সাহিত্য সভাৰ দ্বাৰা প্ৰেৰণ কৰা ওলগণি পত্ৰ সাহিত্য-সংস্কৃতি, শৈক্ষিক, সামাজিক ইত্যাদি ক্ষেত্রত সমাজ জীৱনলৈ অৰিহণা আগবঢ়োৱা ডিব্ৰুগড়ৰ বিভিন্ন অঞ্চলৰ ছয়গৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয়।ডিব্ৰুগড় সাহিত্য সভাৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত ডিব্ৰুগড়
সাহিত্য সভাৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট গীতিকাৰ মহানন্দ গগৈ, বিশিষ্ট সমাজকৰ্মী তথা জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত
বিষয়া যোগেন কুমাৰ দত্ত, বিশিষ্ট সাংস্কৃতিক কৰ্মী কৃপাল ফুকন, ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° খনীন্দ্ৰ মিশ্ৰ ভাগৱতী, ডিব্ৰু মহাবিদ্যালয় প্ৰাক্তন উপাধ্যক্ষ বিশিষ্ট গ্ৰন্থ প্ৰকাশক লেখক বীৰেন বৰুৱা আৰু অৱসৰপ্ৰাপ্ত ৰে’ল সুৰক্ষা বাহিনীৰ হেড কনিষ্টবল হেমচন্দ্ৰ সোণোৱালক অসম সাহিত্য সভাৰ পৰা প্ৰেৰণ কৰা উলগণি পত্ৰ প্ৰদান কৰা হয়। ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি বিশিষ্ট গল্পকাৰ জ্যোতি বৰগোহাঁই সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ আন্তঃৰাষ্ট্ৰীয় মৈত্ৰী বন্ধনৰ আহ্বায়ক ড° শশীকান্ত শইকীয়া,অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, হলৌ অসম লেখিকা সন্থাৰ প্ৰধান সম্পাদক উদয়ন্তী হাজৰিকা দত্ত, ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি যাদৱ গগৈ উপস্থিত থাকে। আনহাতে অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু ডিব্ৰুগড় সাহিত্য সভাৰ যৌথ উদ্যোগত প্ৰতিটো বসন্তৰ পহিলা ব’হাগত অনুষ্ঠিত কৰি অহা ব’হাগ আদৰণি হিচাপে অনুষ্ঠিত কৰি অহা বিহুৰ অনুষ্ঠানটো এইবাৰ অসমীয়াৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যু বাবে বাতিল কৰা হয়। অৱশ্যে পুৱাৰ ভাগত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈয়ে
বিহুৰ পতাকা উত্তোলন আৰু ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে স্মৃতি তৰ্পণ কৰে। আনহাতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি জ্যোতি বৰগোহাঁইয়ে। আনহাতে প্ৰয়াত শিল্পী জনৰ প্ৰতি সন্মান জনাই কণ্ঠশিল্পী প্ৰদীপ কৰ্মকাৰৰ নেতৃত্বত উপস্থিত সকলোৱে কালজয়ী গীত ‘মায়াবিনী’ পৰিৱেশন কৰে। ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱাই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানত লেখিকা কবি নিজৰা গগৈ, লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি হোমেন ফুকন, জেষ্ঠ সাংবাদিক মুক্তা মণি হাজৰিকা,অসম চৰকাৰৰ যুৱ লেখক সন্মান প্ৰাপক জ্যোতিষ কুমাৰ পাতিৰ, ডিব্ৰুগড় সাহিত্য সভাৰ বিত্তীয় সম্পাদক ভূৱন জ্যোতি বৰুৱা, মানকটা সাহিত্য সভাৰ প্ৰশান্ত শইকীয়া,অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ডিব্ৰুগড় নগৰ সমিতিৰ সম্পাদক পুৰ্বছ দাস, ললিত কুৰ্মী, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কাকতি, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰাতুল বৰুৱা, ডিব্ৰুগড় সাহিত্য সভাৰ দয়াপ্ৰিতী গগৈ সহ অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে। উল্লেখযোগ্য যে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভা আৰু জাতীয়তাবাদী যুৱ পৰিষদৰ যৌথ উদ্যোগত বিহুৰ অনুষ্ঠান বাতিল কৰে যদিও উপস্থিত সকলোৱে একেলগে বিহুৰ জলপান গ্ৰহণ কৰি ইজনে সিজনক
আৰ্শীবাদ শুভেচ্ছা জ্ঞাপন কৰে।