...

আমাৰ প্ৰয়াস গোষ্ঠীৰ এদিনীয়া চাবোন প্ৰস্তুতৰ প্ৰশিক্ষণ

Spread the love

আমাৰ প্ৰয়াস গোষ্ঠীৰ এদিনীয়া চাবোন প্ৰস্তুতৰ প্ৰশিক্ষণ

চাইন অন ডেস্ক:

বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা ‘আমাৰ প্ৰয়াস গোষ্ঠী’ৰ উদ্যোগত কামৰূপৰ ৩ নং টুপামাৰীত এখনি এদিনীয়া চাবোন প্ৰস্তুত প্ৰশিক্ষণ সফলভাৱে অনুষ্ঠিত কৰা হয়। এই প্ৰশিক্ষণৰ মূল উদ্দেশ্য আছিল স্থানীয় যুৱক-যুৱতী আৰু মহিলাসকলক স্বনিয়োজিত হ’বলৈ উদ্বুদ্ধ কৰা আৰু ব্যৱসায়িক দক্ষতা বৃদ্ধি কৰা।
প্ৰশিক্ষণৰ পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈ আবেলি ৪ বজালৈ চলিছিল। মুঠ ৪০ জন ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে। প্ৰশিক্ষণৰ সময়ত অংশগ্ৰহণকাৰী সকলক চাবোন তৈয়াৰ কৰাৰ প্ৰয়োজনীয় উপকৰণ, পদ্ধতি, সুৰক্ষা ব্যৱস্থা আৰু বিপণন ব্যৱস্থাৰ বিষয়ে বিস্তৃতভাৱে বুজাই দিয়া হয়।
এই প্ৰশিক্ষণ পৰ্ব পৰিচালনা কৰে দক্ষ প্ৰশিক্ষক আনোৱাৰ হুছেইনে। তেওঁৰ সুস্পষ্ট আৰু ব্যৱহাৰিক বুজাবুজিৰ জৰিয়তে অংশগ্ৰহণকাৰী সকলে সহজে শিকিবলৈ সক্ষম হয় আৰু হাতে-কাম কৰি বাস্তৱ অভিজ্ঞতা লাভ কৰে।প্ৰশিক্ষণৰ শেষত অংশগ্ৰহণকাৰী সকলে এই ধৰণৰ উদ্যোগে তেওঁলোকৰ জীৱনত আৰ্থিক স্বাৱলম্বিতা আনিব বুলি আশা প্ৰকাশ কৰে। সামগ্ৰিকভাৱে, এই প্ৰশিক্ষণ কাৰ্যসূচীটো অত্যন্ত সফল আৰু ফলপ্ৰসূ বুলি পৰিগণিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *