ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অঘটন!
পানীত ডুবি মৃত্যু বনকৰ্মীৰ
দলগাঁও:
দৰং জিলা অন্তৰ্গত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বালিকেম্পত যোৱা ১৪ এপ্রিলত এক শোকাৱহ অঘটনত এজন বনকৰ্মীৰ মৃত্যু হয় । নিজ কৰ্তব্য সমাপন কৰি উদ্যানৰ ভিতৰতে থকা জলাশয়ত গা ধুবলৈ গৈ অকাল মৃত্যুক সাৱটি ল’লে ২৩ বছৰীয়া এজন বনকৰ্মীয়ে। মৃত বনকৰ্মীজন ঢেকিয়াজুলিৰ অজয় কুৰ্মী বুলি জানিব পৰা গৈছে । সিদিনা পুৱাৰ ভাগত বালিকেম্পৰ দুই বনকৰ্মী অজয় কুৰ্মী আৰু মকবুল আলীয়ে নিজৰ কর্তব্য শেষ কৰি উদ্যানৰ ভিতৰৰে এটি জলাশয়ত গা ধুবলৈ গৈছিল। মকবুল আলীয়ে গা ধুই পাৰলৈ উঠি আহে যদিও অজয় কুৰ্মীয়ে পানীত ডুব দিয়াৰ পিছত বহু সময়লৈ ওপৰলৈ উঠি নাহিল। লগৰীয়া মকবুল আলীয়ে বহু বিচাৰ- সোচাৰ কৰি অজয়ৰ কোনো সন্ধান নোপোৱাত চিঞৰ-বাখৰ কৰে । ঘটনা সন্দৰ্ভত উদ্যানৰ বিষয়া হিৰুপম দলেই তাৎক্ষণিকভাৱে বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰে । পিছত এছ ডি আৰ এফ বাহিনীৰ সহযোগত চলোৱা ঘণ্টাযোৰা অভিযানৰ অন্তত অজয়ক মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনাস্থলীত বন বিভাগৰ দলৰ লগতে আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত কৰে । ইপিনে ৰাইজৰ অভিযোগ মতে উদ্যানখনৰ কাষতে ধনশ্ৰী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে নিৰ্মাণ হৈ থকা জিঅ টিউব বান্ধৰ বাবে উদ্যানখনৰ ভিতৰৰ পৰা ঠিকাদাৰে বালি মাটি সংগ্ৰহ কৰোতে সৃষ্টি হোৱা বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁতেই কাল হয় বনকর্মী জনৰ ৷ অৱশ্যে উদ্যান কতৃপক্ষই ঘটনাৰ স্থান উদ্যানখনৰ বাহিৰত বুলি জনায় । মাত্ৰ ২৩ বছৰীয়া কৰ্তব্যপৰায়ণ যুৱকৰ এনে আকস্মিক বিয়োগত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে I