সদ্য ঘোষিত চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত আটাইকেইটা বিষয়তে লেটাৰ মাৰ্ক পায় ৯৬.৬ শতাংশ নম্বৰে ডিষ্টিংচনসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ পৰিয়ালটোৰ লগতে বিদ্যালয় আৰু সমগ্ৰ পশ্চিম ঢকুৱাখনা অঞ্চলটোলৈকে গৌৰৱ কঢ়িয়াই আনিলে মাজ জালভাৰী গাওঁৰ প্ৰিয়াশ্ৰী বৰুৱা নামৰ মেধাবী ছাত্ৰীগৰাকীয়ে ৷ ঢকুৱাখনা সমজিলাৰ পশ্চিম ঢকুৱাখনা গাওঁ পঞ্চায়ত অন্তগত মাজ জালভাৰী গাওঁৰ নিৰ্বাসী তথা সোণাৰি চাপৰি ট্ৰাইবেল হাইস্কুলৰ সহ শিক্ষক জয়ন্ত বৰুৱা আৰু সহ শিক্ষয়িত্ৰী ৰীমা পালকৰ জেষ্ঠ্যা কন্যা প্ৰিয়াশ্ৰী বৰুৱাই এইবাৰ এছটি থমাছ স্কুল ঢকুৱাখনাৰ পৰা চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত অবত্তীৰ্ণ হৈ ইংৰাজীত ৯৮, অসমীয়াত ৯৯, গণিতত ৯৪, বিজ্ঞানত ৯৪ আৰু সমাজ বিজ্ঞানত ৯৮ নম্বৰ মুঠ ৪৮৩ নম্বৰ পাই ৯৬.৬ শতাংশ নম্বৰে ডিষ্টিংচনসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ পৰিয়ালটোৰ লগতে অঞ্চলটোলৈকো গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত সন্তোষ প্ৰকাশ কৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসীয়ে ৷
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.