...

সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত কেন্দ্ৰীয় ৰঙালী উৎসৱৰ লাইখুঁটা স্থাপন

Spread the love

সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত কেন্দ্ৰীয় ৰঙালী উৎসৱৰ লাইখুঁটা স্থাপন

ডিব্ৰুগড়ৰ তিনি গৰাকী বিশিষ্ট ব্যক্তিলৈ ডিব্ৰু সন্মান ঘোষণা

চাইন অন ডেস্ক:

সদৌ ডিব্ৰুগড় ছাত্র সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড়বাসীৰ সহযোগত অনুষ্ঠিত হ’ব লগা কেন্দ্ৰীয় ৰঙালী উৎসৱৰ লাইখুঁটা স্থাপন। ডিব্ৰুগড় চৌকিডিঙ্গী খেলপথাৰত ২৫,২৬ আৰু ২৭ এপ্রিল, ২০২৬ ত অনুষ্ঠিত হ’ব লগা বহাগী ক্ষেত্রত (চৌকিডিঙ্গী খেলপথাৰ) অনুষ্ঠিত হ’ব লগা ‘কেন্দ্ৰীয় ৰঙালী উৎসৱ – ২০২৬’ৰ লাইখুঁটা স্থাপন কৰে উদযাপন সমিতিৰ সভাপতি বিকাশ গগৈয়ে।
কেন্দ্ৰীয় ৰঙালী উৎসৱৰ লগত সংগতি ৰাখি বিগত বছৰৰ দৰেই এইবৰ্ষটো ডিব্ৰু সন্মান বঁটা ঘোষণা কৰে উদ্যোক্তা সকলে।প্ৰদান কৰা হ’ব।
এই বৰ্ষৰ ডিব্ৰু সন্মান বঁটাৰ বাবে বিশিষ্ট তিনিগৰাকী বিশেষ ব্যক্তি ক্ৰমে বিশিষ্ট চিকিসক ডাঃ সর্বেশ্বৰ ভূঞা , আন্তঃৰাষ্ট্রীয় যুৱ খেলুৱৈ তথা ভাৰত্তোলক বেদব্রত ভৰালী আৰু বিশিষ্ট নাট্য শিল্পী অসীম শর্মাক ডিব্ৰু সন্মান প্ৰদান কৰা হ’ব।২৭ এপ্ৰিলত বহাগী ক্ষেত্ৰৰ মঞ্চত অনুষ্ঠিত হ’ব লগা মুকলি সভাত এই বঁটা প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিছে। লাইখুঁটা স্থাপন অনুষ্ঠানত জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি বৰঠাকুৰ, উদযাপন সমিতিৰ
মুখ্য সম্পাদক অনুজ শইকীয়া, সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সভাপতি প্ৰীয় প্ৰতিম সোনোৱাল আৰু সম্পাদক চন্দন সোণোৱাল সহ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ কেইবাগৰাকীও বিষয়ববীয়া আৰু সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ কেইবাগৰাকীও বিষয়ববীয়া সহ অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *