প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সামাজিক মাধ্যমত অপমান!
মানকাচৰ থানাত এজাহাৰ দাখিল
মানকাচৰ:


উক্ত অপমানজনক কাৰ্যৰ বিৰুদ্ধে আজি একগোট হয় মানকাচৰৰ জুবিন অনুৰাগীসকল। তেওঁলোকে ক্ষোভ প্ৰকাশ কৰাৰ লগতে অভিযুক্ত বাপন শ্বাহাৰ বিৰুদ্ধে উচিত শাস্তিৰ দাবী জনাই মানকাচৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

এই ঘটনাক লৈ বৰ্তমান সামাজিক মাধ্যমতো ব্যাপক চৰ্চা চলিছে। সচেতন মহলে মত প্ৰকাশ কৰিছে যে বাক-স্বাধীনতাৰ নামত কোনো ব্যক্তিৰ মানহানি কৰাটো দণ্ডনীয় অপৰাধ। এতিয়া মানকাচৰ আৰক্ষীয়ে এই এজাহাৰৰ ভিত্তিত কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।