...

দুই ভাই-ভনীৰ কৰুণ মৃত্যু

Spread the love

দুই ভাই-ভনীৰ কৰুণ মৃত্যু

দলগাৱত ইটা ভাটাৰ গাঁতত পৰিল

দৰং:

এটি শোকাবহ ঘটনা সংঘটিত হৈছে দৰঙৰ দলগাৱত । ইটা ভাটাৰ গাঁতত পৰি কৰুণ মৃত্যুক সাৱটি লৈছে দুই ভাই- ভনী । খবৰ অনুসৰি দলগাঁও থানাৰ অন্তৰ্গত দৈপামত আজি সংঘটিত হয় চাঞ্চল্যকৰ ঘটনাটো । গাঁওখনৰ ফুলভানু নামৰ মহিলা এগৰাকীয়ে খেতিত কাম কৰি থকা অৱস্থাত দুই পুত্ৰ কন্যা কাষৰ আৰ বি আই নামৰ ইটাভাটাৰ চৌহদত খেলি আছিল । সেই সময়ত ইটা ভাটাৰ বাবে খান্দি ৰখা পুখুৰীত ডুবি মৃত্যু হয় দুই ভাই – ভনীৰ ৷ ঘটনাটো কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ মৃত শিশু দুটি ছুমি(৯) আৰু ৰিফাদ বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *