...

চিৰাং জিলাৰ ৰানীখটাত উতপ্ত পৰিস্থিতি

Spread the love

চিৰাং জিলাৰ ৰানীখটাত উতপ্ত পৰিস্থিতি

 

গণতান্ত্ৰিক আৰু সাংবিধানিক পদ্ধতিৰে বৃহত্তৰ আন্দোলন আৰম্ভ কৰিবলৈ বাধ্য হ’ব:
আদিবাসী যুৱ-ছাত্ৰ সন্থা

চাইন অন ডেস্ক:

চিৰাং জিলাৰ ৰানীখটা অঞ্চলত আদিবাসী লোক আৰু বন বিভাগৰ মাজত সংঘটিত সাম্প্ৰতিক ঘটনাই আমাৰ সন্থাক গভীৰ চিন্তিত আৰু ক্ষুব্ধ কৰিছে। ঘটনাটোত যি ধৰণে সংঘাত, অত্যাচাৰ আৰু হিংসা দেখা গ’ল, সেয়া এক গণতান্ত্ৰিক সমাজৰ বাবে একেবাৰে গ্ৰহণযোগ্য নহয়।

আদিবাসী যুৱ-ছাত্ৰ সন্থাঃ অসম (আইছা) স্পষ্টকৈ জনায় যে—এই সমগ্ৰ ঘটনাৰ ওপৰত এখন উচ্চতৰ, নিৰপেক্ষ আৰু সময়বদ্ধ তদন্ত অবিলম্বে আৰম্ভ কৰিব লাগে। যিকোনো বিষয়া বা কৰ্মচাৰী যদি দায়িত্বত অবহেলা, অত্যাচাৰ বা আইন উলংঘনৰ সৈতে জড়িত পোৱা যায়, তেন্তে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

আইছা সংগঠনটোৱে দাবী জনায় যে Forest Rights Act, 2006 অনুসৰি বনাঞ্চলত বসবাস কৰা সকলো বনবাসী (Forest Dwellers) লোকৰ অধিকাৰ সুৰক্ষিত কৰিব লাগে আৰু প্ৰশাসনৰ জৰিয়তে আইন সম্পৰ্কে ৰাইজৰ লগত আলোচনা, সজাগতা সভা আয়োজন কৰিব লাগে যাতে ৰাইজ আইনটোৰ সম্পৰ্কে বুজি পায় আৰু অনাগত দিনত বন গাঁও বা সংৰক্ষিত বনাঞ্চল ৰ ভূমি সম্পৰ্কীয় কোনো সংঘাত ৰ সৃষ্টি নহয়।

বন গাঁও (Forest Village)ত বসবাস কৰা লোকসকলৰ পৰা ভূমিৰ অধিকাৰৰ বাবে আবেদন গ্ৰহণ কৰিব লাগে।
এই প্ৰক্ৰিয়াক স্বচ্ছ আৰু সহজ কৰি বন গাঁওসমূহৰ ভূমি সমস্যাৰ স্থায়ী সমাধান নিশ্চিত কৰিব লাগে।

ইয়াৰ উপৰিও, আইছা ই তলত দিয়া গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে—

১. ঘটনাত আঘাতপ্ৰাপ্ত সকলো লোকৰ বাবে উপযুক্ত চিকিৎসা আৰু আৰ্থিক সহায় প্ৰদান কৰিব লাগে।
২. নিৰ্দোষ লোকক যদি অবৈধভাৱে গ্ৰেপ্তাৰ কৰা হৈছে, তেন্তে তেওঁলোকক তৎক্ষণাৎ মুক্তি দিব লাগে।
৩. বন বিভাগ আৰু স্থানীয় জনসাধাৰণৰ মাজত সংলাপ (dialogue) আৰম্ভ কৰি সমস্যা সমাধানৰ চেষ্টা কৰিব লাগে।
৪. আগন্তুক দিনত এনে ঘটনা পুনৰাবৃত্তি নোহোৱাকৈ মানৱ অধিকাৰ সুৰক্ষা নিশ্চিত কৰিব লাগে।
৫. বনাঞ্চলত বসবাস কৰা আদিবাসী লোকৰ জীৱিকা, সংস্কৃতি আৰু পৰিচয় ৰক্ষা কৰাৰ বাবে চৰকাৰে দীৰ্ঘমেয়াদী নীতি গ্ৰহণ কৰিব লাগে।

আদিবাসী যুৱ-ছাত্ৰ সন্থাঃ অসমে (আইছা) চৰকাৰক সতৰ্ক কৰি জনাইছে যে, যদি এই বিষয়সমূহক গুৰুত্বসহকাৰে লোৱা নহয়, তেন্তে আইছা ই গণতান্ত্ৰিক আৰু সাংবিধানিক পদ্ধতিৰে বৃহত্তৰ আন্দোলন আৰম্ভ কৰিবলৈ বাধ্য হ’ব।

আইছা সংগঠনে সকলো পক্ষক শান্তি বজাই ৰাখিবলৈ আহ্বান জনায় আৰু ন্যায়সংগত আইনৰ জৰিয়তে সমাধানৰ বাবে চৰকাৰক দ্ৰুত পদক্ষেপ ল’বলৈ দাবী জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *