...

সংস্কৃতিৰ অতন্দ্ৰ প্ৰহৰী আৰু বিজতৰীয়াৰ বিৰুদ্ধে এক অকলশৰীয়া ৰণ

Spread the love

সংস্কৃতিৰ অতন্দ্ৰ প্ৰহৰী আৰু বিজতৰীয়াৰ বিৰুদ্ধে এক অকলশৰীয়া ৰণ

 

কৃপাল কুমাৰ ফুকন

অসমীয়াৰ তেজৰ চেকুৰা ব’হাগৰ বিহুটি যেতিয়া চোতালত উপস্থিত হয়, তেতিয়া প্ৰতিজন অসমীয়াৰ মন প্ৰাণ উলাহেৰে ভৰি পৰে। কিন্তু এই উলাহৰ আঁৰত যদি সংস্কৃতিৰ বিকৃত ৰূপ এটাই আত্মপ্ৰকাশ কৰে, তেন্তে এজন প্ৰকৃত জাতিপ্ৰেমীৰ হৃদয় কেনেকৈ হাহাকাৰ কৰি উঠিব পাৰে, তাৰ এক জ্বলন্ত উদাহৰণ তিতাবৰৰ নিবাসী, লোক সংস্কৃতিৰ আজীৱন সাধক প্ৰয়াত দেৱেন্দ্ৰ চৰণ বৰবৰুৱা। জাতিটোক কিমান গভীৰভাৱে ভাল পালে এজন ব্যক্তিয়ে নিজৰ সুখ-শান্তিক তুচ্ছ জ্ঞান কৰি দুষ্কৃতিকাৰীৰ বিৰুদ্ধে প্ৰতিবাদৰ ৰণশিঙা বজাব পাৰে, সেইয়া বৰবৰুৱাৰ জীৱন দৰ্শনে প্ৰমাণ কৰিছে। বৰ্তমান সময়ত দেখা যায় যে বহুতো লোকে কেৱল বতাহৰ ঢালত ঢাল খাই তথাকথিত আধুনিকতাৰ নামত চলি থকা সাংস্কৃতিক দুষ্কৃতিৰ লগত মিতিৰালি কৰে। নিজৰ সামাজিক স্থিতি বা নিৰাপত্তাৰ খাতিৰত বহুতে মৌনতা অৱলম্বন কৰি এক সুবিধাবাদী স্থিতাৱস্থা বাহাল ৰাখে। কিন্তু অসমীয়া জাতিটোক সুৰক্ষিত কৰি ৰাখিবলৈ এচাম সচেতন আৰু শ্ৰদ্ধেয় সাংস্কৃতিক কৰ্মীয়ে জাতীয় লোককৃষ্টিক বিশুদ্ধ ৰূপত জীয়াই ৰখাৰ যি নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে, সেই যাত্ৰাৰ অন্যতম সেনাপতি আছিল অসম ঢুলীয়া শিল্পী সন্মিলনৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক লোকশ্ৰী দেৱেন্দ্ৰ চৰণ বৰবৰুৱা। সেইদিনা আছিল ব’হাগৰ বিহুৰ পবিত্ৰ ক্ষণ। বৰবৰুৱাৰ ঘৰৰ চোতাললৈও বিহু দল আহিছিল। কিন্তু সেইয়া বিহু নাছিল, আছিল বিহুৰ নামত এক বিভীষিকা। চোতালত প্ৰৱেশ কৰা বিহু দলটোৰ সাজ-পাৰ, গায়ন-বায়নৰ শৈলী আৰু আচৰণত বিহুৰ পবিত্ৰতাৰ পৰিৱৰ্তে আছিল এক ‘বিজতৰীয়া’ প্ৰদৰ্শন। লোক সংস্কৃতিৰ এই ঘোৰ অপমান দেখি সহ্য কৰিব নোৱাৰিলে এইগৰাকী সাধকে। অন্তৰৰ পৰা উথলি উঠিল বিদ্ৰোহৰ অগ্নি। তেওঁ গৰজি উঠিল সেই উদণ্ড ডেকা দলটোৰ বিৰুদ্ধে। নিজৰ চোতালৰ পৰা উচ্চ স্বৰত তেওঁ হুংকাৰ দিলে— “খবৰদাৰ! এনেদৰে বিহু বিজতৰীয়া কৰা দুষ্কৃতিকাৰীক মোৰ চোতাললৈ আহিবলৈ কোনে অধিকাৰ দিলে? গেট আউট, গেট আউট!” এজন অশীতিপৰ বৃদ্ধৰ এই সাহসে আঘাত কৰিলে অপসংস্কৃতিৰ ধ্বজাবাহী সেই উদণ্ড যুৱকসকলৰ অহংকাৰত। তেওঁলোকে সন্মানেৰে আঁতৰি যোৱাৰ পৰিৱৰ্তে এজন নমস্য শিল্পীক কৰিলে বৰ্বৰ আক্ৰমণ। বৰবৰুৱাৰ ঘৰ-দুৱাৰ, খিৰিকী ভাঙি লণ্ডভণ্ড কৰি তেওঁলোকে নিজৰ উদ্ধতালিৰ পৰিচয় দিলে। ঘটনাটোৱে আইনী ৰূপ ল’লে, আদালত পালেগৈ। সংবাদ মাধ্যমতো বিহুৰ নামত চলা এনে অৰাজকতা আৰু এজন শিল্পীৰ ওপৰত হোৱা আক্ৰমণৰ বাতৰিয়ে ব্যাপক চৰ্চা লাভ কৰিলে। দেৱেন্দ্ৰ চৰণ বৰবৰুৱাৰ সেইদিনাৰ সেই প্ৰতিবাদ কেৱল এজন ব্যক্তিৰ খং নাছিল, সেইয়া আছিল সমগ্ৰ অসমীয়া জাতিৰ শাশ্বত লোক সংস্কৃতিৰ আত্মৰক্ষাৰ এক আৰ্তনাদ। তেওঁ দেখুৱাই দিছিল যে সংস্কৃতি ৰক্ষাৰ নামত কেৱল সভা-সমিতিত ভাষণ দিলেই নহয়, প্ৰয়োজন হ’লে নিজৰ গৃহকোণত থাকিও বুকুত সাহস বান্ধি ‘ভুল’ক ‘ভুল’ বুলি ক’ব পৰা ক্ষমতা থাকিব লাগে। আজিৰ এই অপসংস্কৃতিৰ ধামখুমীয়াত বৰবৰুৱাৰ সেই আপোচহীন স্থিতি প্ৰতিজন সচেতন অসমীয়াৰ বাবে এক প্ৰেৰণাৰ উৎস। তেওঁৰ সেই ‘গেট আউট’ শব্দ দুটাই স্পষ্ট কৰি দিয়ে যে ঘৰৰ চোতাল হওক বা সমাজৰ মঞ্চ, সংস্কৃতিৰ নামত চলা কোনো ধৰণৰ বিজতৰীয়া কাৰ্যক প্ৰশ্ৰয় দিয়াটোৱে জাতিদ্ৰোহীতাৰেই আন এক নাম। ইফালে, ঐতিহাসিক শিৱসাগৰৰ আকাশ-বতাহত এতিয়া বিহুৰ মাদকতা। কিন্তু এই আনন্দৰ লহৰৰ মাজতেই যোৱা কেইদিনমানত এটা ঘটনাই সমাজ সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে। ব’হাগৰ পবিত্ৰ হুঁচৰিৰ পৰম্পৰাক একপ্ৰকাৰৰ ‘আধুনিক বিচিত্ৰা’লৈ পৰ্যবসিত কৰিব খোজা এটা বিহু দলক উচিত শিক্ষা দি এইজন সচেতন সাংস্কৃতিক কৰ্মীয়ে যি সাহসৰ পৰিচয় দিলে, সেয়া বৰ্তমান সময়ত অত্যন্ত প্ৰাসংগিক হৈ পৰিছে। এই ঘটনাই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে জাতিটোক আৰু ইয়াৰ লোক-কৃষ্টিক আন্তৰিকতাৰে ভাল পোৱা মানুহ আজিও জীয়াই আছে, যিয়ে সংস্কৃতিৰ নামত চলা ভেকোভাওনাক মুখৰ ওপৰত ‘না’ বুলি ক’বলৈ কুণ্ঠাবোধ নকৰে। ঘটনাটো আছিল এনেধৰণৰ— বিহুৰ বতৰত এগৰাকী সমাজ সচেতন সাংস্কৃতিক কৰ্মীৰ চোতাললৈ এটা হুঁচৰি দলৰ আগমন ঘটিছিল। কিন্তু সেই দলটোৰ হাতত নাছিল ঢোল-পেঁপাৰ সেই চিৰাচৰিত মাদকতা, বৰঞ্চ লগত আছিল বিহুৰ পৰম্পৰাক উপহাস কৰা ‘ডি জে’ আৰু আধুনিক ড্ৰামচেট। বিহুৰ থলুৱা সাজ-পাৰৰ পৰিৱৰ্তে সৰুদৈয়া ফুলাম জাপি আৰু কাঁহী লৈ শাৰী পাতি পাতি কৰা সেই যান্ত্ৰিক নাচখনে বিহুৰ স্বকীয়তাক সম্পূৰ্ণৰূপে ধূলিসাৎ কৰিছিল। চোতালত বিহুৰ নামত তেনে এক বাৰে-বিংকৰা পৰিৱেশ দেখি থমকি ৰৈছিল সাংস্কৃতিক কৰ্মীগৰাকী। তেওঁ কেৱল মৌন দৰ্শক হৈ নাথাকি দলটোক কঠোৰ প্ৰশ্নৰে থকা-সৰকা কৰিলে। “বিহুৰ বতৰত আমাৰ চোতালত মাইক-ড্ৰামচেট বজাই এইবোৰ কি কৰিছে? কোনে মাতিছে আপোনালোকক?”— তেওঁৰ এই গৰ্জনত কঁপি উঠিছিল উদণ্ড সংস্কৃতিৰ ধ্বজাবাহীসকল। কেৱল নাচনী বা ঢুলীয়াক নহয়, তেওঁ লগত অহা অভিভাৱকসকলকো প্ৰশ্নৰে থকা-সৰকা কৰে। নতুন প্ৰজন্মক বিহুৰ নামত এনে বিকৃত নাচ-বাগ কিয় শিকোৱা হৈছে, সেই লৈ তেওঁ কৰা প্ৰশ্নই আচলতে আজিৰ সমগ্ৰ সমাজখনৰ বিবেকক জোকাৰি গৈছে। বিহুক শুদ্ধ আৰু পৰম্পৰাগত ৰূপত সুৰক্ষা দিয়াৰ বাবে যিসকলে সংগ্ৰাম কৰি আহিছে, তেওঁলোকৰ বাবে এনে বিকৃত বিহু অসহনীয়। আজি বহুতৰে বাবে বিহু কেৱল গ্লেমাৰ বা অৰ্থ উপাৰ্জনৰ মাধ্যম হৈ পৰিছে, য’ত পৰম্পৰাৰ কোনো স্থান নাই। কিন্তু এইগৰাকী সচেতন সতীৰ্থই দেখুৱাই দিলে যে সংস্কৃতি মানে কেৱল উল্লাস নহয়, ই হ’ল এটা জাতিৰ পৰিচয়। এই পৰিচয়ক ধৰি ৰাখিবলৈ হ’লে আমি সকলোৱে এনেদৰেই গৰজি উঠিব লাগিব। নিজৰ চোতালৰ পৰাই অপ-সংস্কৃতিক বিদায় দিব পৰা এই মানসিকতাইহে আমাৰ জাতীয় লোক-কৃষ্টিক অনাগত দিনত সুৰক্ষিত কৰিব। তেওঁৰ এই আপোচহীন পদক্ষেপৰ বাবে আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইয়া কেৱল এজন ব্যক্তিৰ প্ৰতিবাদ নহয়, এয়া হ’ল অসমীয়া সংস্কৃতিৰ বৰঘৰটো পহৰা দিয়া এক অতন্দ্ৰ প্ৰহৰীৰ হুংকাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *