মানকাচৰত আৰক্ষীৰ বৃহৎ অভিযান
৯ জুৱাৰীক আটক কৰি জেললৈ প্ৰেৰণ
মানকাচৰ:
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষীয়ে জুৱাৰ বিৰুদ্ধে এক সফল অভিযান চলাই কালি ৯ গৰাকী জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। জিলাখনৰ বিভিন্ন প্ৰান্তত চলোৱা এই অভিযানে জুৱা চক্ৰৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
এক গোপন সূত্ৰৰ পম খেদি কালি মানকাচৰ আৰক্ষীৰ এটা দলে থানাখনৰ অন্তৰ্গত চাৰিটা ভিন্ন স্থানত আকস্মিক অভিযান চলায়।
লক্ষ্যনীয যে জোৰডাঙ্গা প্ৰথম খণ্ড, জোৰডাঙ্গা বৰ্মন পাৰা,বৈৰাগী পাৰা আৰূ ওখৰাবাৰী গাঁৱৰ পৰা

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত আটাইকেই গৰাকী জুৱাৰীক আজি দুপৰীয়া প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি হাটশিঙিমাৰী ন্যায়িক আদালতলৈ প্ৰেৰণ কৰা হয়।
এলেকাটোত চলি থকা অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে আৰক্ষীৰ এই কঠোৰ অভিযান অব্যাহত থাকিব বুলি স্থানীয় সূত্ৰই প্ৰকাশ কৰিছে।