ডিব্ৰুগড়ত আৰম্ভ উন্নত হেমেট’লজী আৰু ব’ন মেৰ’ ট্ৰান্সপ্লান্ট সেৱা
চাইন অন ডেস্ক,২৯মে’:

ড° গণেশ জয়শেটৱাৰে উত্তৰ-পূৰ্বাঞ্চলত লিউকেমিয়া, লিম্ফ’মা, মায়েল’মা, ইমিউন’ডেফিচিয়েঞ্চী আৰু ব’ন মেৰ’ ট্ৰান্সপ্লান্ট সম্পৰ্কীয় ৰোগৰ বৃদ্ধিৰ বিষয়ে চিন্তা প্ৰকাশ কৰিলে। ২৫ বছৰতকৈ অধিক অভিজ্ঞতাসম্পন্ন ড° জয়শেটৱাৰে কয় যে শীঘ্ৰ নিদান আৰু উন্নত চিকিত্সাৰ প্ৰয়োজন আছে।
তেওঁ পুনৰাই কয়, “উত্তৰ-পূৰ্বাঞ্চলৰ বহুতো ৰোগীয়ে এতিয়াও উন্নত চিকিৎসাৰ বাবে দূৰৰ মহানগৰলৈ যাব লাগে। মোৰ লক্ষ্য হৈছে বিশ্বমানৰ চিকিৎসা ৰোগীৰ ঘৰৰ কাষতে উপলব্ধ কৰোৱা।

ড° গণেশ জয়শেটৱাৰে ২০০১ চনত নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা MBBS, মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা MD Pathology আৰু কলকাতাৰ WBUHSৰ পৰা DM Clinical Hematology সম্পূৰ্ণ কৰিছে।
এতিয়াৰ পৰা অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগীসকলে ডিব্ৰুগড়ৰ মৃত্যুঞ্জয় হেল্থকেয়াৰ,স্বৰ্ণ কম্প্লেক্সত তেওঁৰ পৰা পৰামৰ্শ ল’ব পাৰিব।
এই উদ্যোগে অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগীৰ বাবে অতি উপকাৰী হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ ফলত ৰোগীসকলে উন্নত হেমেট’লজী চিকিত্সাৰ বাবে বাহিৰলৈ যোৱাৰ প্ৰয়োজন নোহোৱাকৈ স্থানীয়ভাৱে চিকিৎসা লাভ কৰিব পাৰিব।