ডিব্ৰুগড়ৰ জীয়ৰীৰ সৰ্ব ভাৰতীয় বিদ্যায়তনিক কৃতি
চাইন অন ডেস্ক,২৯মে’:
ডিব্ৰুগড় চিৰিং চাপৰিৰ জীয়ৰী, খৃষ্টিনা দুৱৰাই এই বছৰৰ নয়দাৰ এমিটি বিশ্ববিদ্যালয়ৰ (Amity Institute of Social Sciences, Amity University, Noida) মাষ্টাৰ অফ ছচিয়েল ৱৰ্ক (MSW )ফাইনেল পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। তেওঁ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি স্বৰ্ণ পদক সহ বিশ্ববিদ্যালয় খনৰ বিভাগীয় topper ঘোষিত হৈছে। খৃষ্টিনাই 8.39 CGPA পাই এই সুখ্যাতি পাইছে। তেওঁ ইয়াৰ আগতে দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কমলা নেহৰু কলেজৰ পৰা সুখ্যাতিৰে সন্মান সহ স্নাতক ডিগ্ৰী লাভ কৰিছিলে । খৃষ্টিনা ‘দ্য আছাম ট্ৰিবিউন’ কাকতৰ জ্যেষ্ঠ সাংবাদিক ৰণ দুৱৰা আৰু প্ৰয়াত অৰ্চিতা বৰা দুৱৰাৰ একমাত্ৰ কন্যা।
Like this:
Like Loading...