...

অৱসৰপ্ৰাপ্ত শিক্ষক যোগেশ চন্দ্ৰ দুৱৰাৰ মৃত্যু

Spread the love

অৱসৰপ্ৰাপ্ত শিক্ষক যোগেশ চন্দ্ৰ দুৱৰাৰ মৃত্যু

চাইন অন ডেস্ক:

বৰবৰুৱাৰ সমীপৰ গৰুধৰীয়া পাত্ৰ গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা মায়াময়া সমাজৰ ধৰ্মপ্ৰাণ ব্যক্তি যোগেশ চন্দ্ৰ দুৱৰাৰ যোৱা ১৬ এপ্ৰিলৰ পুৱতি নিশা ১২:৩০ বজাত পৰলোকপ্ৰাপ্তি ঘটে৷ চুবুৰীয়া গাঁও বিনৈগুটীয়াত ৪ নং বিনৈগুটীয়া প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ উপৰি বগীবিল নাহৰণি প্ৰাথমিক বিদ্যালয়তো কিছুদিন অবৈতনিকভাৱে শিক্ষকতা কৰি শিক্ষাৰ জ্যোতি বিলাইছিল৷ চাৰিকুৰি বসন্ত গৰকা অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ মৃত্যুত স্থানীয় স্বেচ্ছাসেৱী অনুষ্ঠান ‘জোনাক’ আৰু তৰুণজ্যোতি সংঘয়ো গভীৰ শোক প্ৰকাশ কৰিছে৷ গাঁওখনৰ প্ৰথমগৰাকী মেট্ৰিক উত্তীৰ্ণ দুৱৰাদেৱৰ মৃত্যুত যোৱা ১৬ এপ্ৰিলত হুঁচৰি বন্ধ কৰি স্থানীয় যুৱ সমাজে শোক প্ৰকাশ কৰে। দীৰ্ঘদিন মধুমেহ ৰোগত আক্ৰান্ত হৈ থকা দুৱৰাদেৱে পত্নী, দুই পুত্ৰ-বোৱাৰী, নাতি-নাতিনীসহ বহুতো আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ গৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *