...

মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ ৪৭৪তম আৰ্বিভাৱ তিথি উদযাপন

Spread the love

মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ ৪৭৪তম আৰ্বিভাৱ তিথি উদযাপন

শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ত বক্তৃতানুষ্ঠান অনুষ্ঠিত

চাইন অন ডেস্ক,৩০এপ্ৰিল:

অসমৰ এগৰাকী মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ ৪৭৪ সংখ্যক আৰ্বিভাৱ তিথি উপলক্ষে ডিব্ৰুগড়ৰ বৈৰাগীমঠত থকা শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয় আৰু শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ একাডেমীয়ে সৃষ্টিশীল শিক্ষা আৰু আনন্দদায়ক শিক্ষাদান শীৰ্ষক এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ,পৰিকলন শিক্ষা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক,সাহিত্যিক, ড° গোপাল চন্দ্ৰ হাজৰিকা সমল ব্যক্তি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ সৈতে সংগতি ৰাখি বক্তৃতা প্ৰদান কৰে।তেখেতে বক্তৃতা আৰম্ভ কৰি কয় যে বৰ্তমান সময়ত শিক্ষকতা বৃত্তি হল আটাইতকৈ প্ৰত্যাহ্বানমূলক আৰু প্ৰতিটো ক্ষণত নিজকে প্ৰস্তুত কৰি তোলা উপৰিও দৈনিক সময়ৰ সৈতে নিজকে খাপ খোৱাই আগবাঢ়িব লাগিব বুলি কয়।তদুপৰি ড হাজৰিকাই কয় যে শিক্ষক সকলে বৰ্তমান সময়ত প্ৰতি গৰাকী শিক্ষক নানা চাপত থাকে যদিও এটা জাতিক আগবঢ়াই নিয়াৰ লগতে জাতিটোক ভৱিষ্যত শিক্ষক সকলেই কৰিব লাগিব বুলিও তেওঁ নিজৰ বক্তৃতা উল্লেখ কৰে।অনুষ্ঠানৰ আৰম্ভণিতে শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ সেৱা সমিতি,অসমৰ সভাপতি লনাথ চৌখাম, বানিপুৰৰ শ্ৰীশ্ৰী মায়ামৰা নামঘৰৰ বৰবুঢ়া বৰুণ গগৈ,শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ সেৱা সমিতি অসমৰ সম্পাদক তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হলিৰাম ফুকন,শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ভূষণ জ্যোতি সন্দিকৈ, ড গোপাল হাজৰিকাই বন্তি প্ৰজ্বলন কৰে।শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ একাডেমীৰ শৈক্ষিক মুৰব্বী যাদৱ গগৈয়ে আঁতধৰা বক্তৃতানুষ্ঠানটো প্ৰাম্ভনিতে লনাথ চৌখামে মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ জীৱন আৰু কৰ্ম সম্পৰ্কে আলোকপাত কৰে।ভূষণ জ্যোতি সন্দিকৈয়ে প্ৰাধ্যাপক ড গোপাল হাজৰিকাৰ জীৱন আৰু সৃষ্টিৰাজি সম্পৰ্কে আলোকপাত কৰে।মহাবিদ্যালয় খনৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি তথা সদৌ অসম মটক সন্মিলনৰ সভাপতি চান্দ কুমাৰ গোহাঁই,পৰিচালনা সমিতিৰ সদস্য উদয় শংকৰ মহন,দিব্যজ্যোতি গগৈ,দুয়োখন শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰী ,কৰ্মচাৰী সকল উপস্থিত থাকে।অনুষ্ঠানত উপস্থিত শিক্ষক শিক্ষয়িত্ৰী সকলে সমল ব্যক্তি ড গোলাপ হাজৰিকাৰ সৈতে বিভিন্ন প্ৰশ্ন অৱতাৰণা কৰে আৰু তেওঁ উত্তৰ প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *