অসম-মেঘালয়ৰ ব্যৱসায়িক সংঘাত!
শালমাৰা-মানকাচৰত তীব্ৰ উত্তজনা
মানকাচৰ,৩০এপ্ৰিল:
অসম আৰু মেঘালয়ৰ মাজত চলি থকা ব্যৱসায়কেন্দ্ৰিক সংঘাতে আজি দুমাহ অতিক্ৰম কৰিছে। বিশেষকৈ নামনি অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ আৰু গোৱালপাৰা জিলাৰ ব্যৱসায়ী সকলক মেঘালয়ত প্ৰৱেশ কৰাত বাধা দি আহিছে চু
বুৰীয়া ৰাজ্যখনৰ একাংশ দল-সংগঠনে। ইয়াৰ ফলত ইতিমধ্যে কেইবাটাও দুৰ্ভাগ্যজনক আৰু বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে।
মেঘালয়ত প্ৰৱেশৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হোৱাত অসমৰ ব্যৱসায়ী সকলে এতিয়া চৰম আতংকৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে।
এই গুৰুতৰ সমস্যাটো সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।
এই জ্বলন্ত সমস্যাটো শীঘ্ৰে সমাধান কৰিবলৈ ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনক পুনৰবাৰ দাবী জনাইছে দক্ষিণ শালমাৰা-মানকাচৰ জিলা আমছুৰ বিষয়ববীয়া সকলে।
উল্লেখ্য যে, এই ব্যৱসায়িক সংঘাতৰ বাবে মেঘালয়লৈ সকলো প্ৰকাৰৰ সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰতো ব্যাপক বাধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। পৰিস্থিতি অধিক অৱনতি ঘটাৰ পূৰ্বেই প্ৰশাসনে উচিত পদক্ষেপ ল’বলৈ আহ্বান জনাইছে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আমছুৰ সভাপতিয়ে।