ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ জালান আউটডৰ ষ্টেডিয়ামত চলি থকা অসম ক্ৰিকেট সন্থাৰ জে.কে. বৰুৱা ১৯ বছৰৰ অনুৰ্ধ্ব আন্তঃ জিলা ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ডিব্ৰুগড় জিলাই বিশ্বনাথ জিলাক ১০৯ ৰাণত পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট লাভ কৰে। দুদিনীয়া খেলখনৰ আজি অন্তিম দিন আছিল। কালি ডিব্ৰুগড় জিলাই টছত জিকি প্ৰথমে বেটিং কৰি নিজৰ প্ৰথম ইনিংছত সকলো উইকেট হেৰুৱাই ১৭৬ ৰান কৰে। ডিব্ৰুগড়ৰ হৈ অভিষেক বৰা আৰু বিশাল মাহাতুৱে গাইপতি সৰ্বাধিক ৩২ ৰান কৰে। বিশ্বনাথৰ অৰুণ বাঢ়ৈয়ে ৫ টা উইকেট লাভ কৰে। ইফালে, বিশ্বনাথ জিলা দলে নিজৰ প্ৰথম ইনিংছ কালিৰে পৰা আৰম্ভ কৰি আজি সকলো উইকেট হেৰুৱাই মাত্ৰ ৯৪ ৰান কৰে। দলৰ হৈ বিনীত বাগে সৰ্বাধিক ২১ ৰান কৰে। ডিব্ৰুগড়ৰ হৈ আমানত হুছেইনে সৰ্বাধিক ৫ টা আৰু আব্বাছ আলীয়ে ৩ টা উইকেট লাভ কৰে। ফলত ডিব্ৰুগড় জিলাই গুৰুত্বপূৰ্ণ ৮২ ৰাণৰ অগ্ৰগতি লাভ কৰে। ইয়াৰ পিছতে ডিব্ৰুগড় জিলা দলে আজি নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰি ১২১ ৰাণত ৭ টা উইকেট হেৰুৱাই ইনিংছ ঘোষণা কৰে। দলৰ হৈ অভিনৱ দাসে ৪৮ ৰান, অভিষেক যাদৱে ৪১ ৰান, অভিষেক বৰাই ৩১ ৰান কৰে। বিশ্বনাথ জিলা দলৰ হৈ হৰিণ ভূমিজে ৪ টা আৰু শুভম চাহুৱে ৩ টা উইকেট লাভ কৰে। ২০৪ ৰাণৰ জয়ৰ লক্ষ্যৰে বিশ্বনাথ জিলা দলে প্ৰথম দ্বিতীয় ইনিংছ আৰম্ভ কৰিবলৈ আহি ডিব্ৰুগড় জিলা দলৰ নিখুঁত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি ৯৭ ৰাণত সকলো উইকেট হেৰুৱায়। ডিব্ৰুগড়ৰ হৈ অভিষেক যাদৱে ৩ টা আৰু ক্ৰমে আমানত হুছেইন, কানহাইয়া ঠাকুৰ, ৰাজীৱ ডুবেয়ে গাইপতি ২ টা কৈ উইকেট লাভ কৰে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.