...

এক্সিট প’লৰ দৰেই অসমত তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ হ’বঃ সৰ্বানন্দ সোণোৱাল

এক্সিট প’লৰ দৰেই অসমত তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ হ’বঃ সৰ্বানন্দ সোণোৱাল

 

চৰকাৰৰ উন্নয়নমূলক কাম এস্কিট পলত প্ৰকাশ হৈছেঃ প্ৰশান্ত ফুকন
আততায়ীয়ে গুলীয়াই হত্যা কৰা তিনি বিজেপি নেতাক শ্ৰদ্ধাঞ্জলি জনালে ডিব্ৰুগড় জিলা বিজেপিয়ে
আজি ২৫ বছৰে হত্যাকাৰীয়েই চিনাক্তই নহল !

চাইন অন ডেস্ক,২মেঃ

“এক্সিট প’লত দেখুওৱাবোৰ সঁচা। অহা ৪মেত কাউন্টিং হ’ব আৰু কাউন্টিঙতেই প্ৰমাণ হ’ব যে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ অসমত তৃতীয়বাৰৰ বাবে হ’ব। সকলো নিশ্চিত হৈ গৈছে মাত্ৰ আনুষ্ঠানিকতাহে বাকী আছে”। অসমৰ বিধানসভা নিৰ্বাচনক লৈ প্ৰকাশ পোৱা এক্সিট প’লক লৈ প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডিব্ৰুগড়ত এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । লগতে এইবাৰ চৰ্চাত থকা পশ্চিমবংগ বিধানসভা নিৰ্বাচনক লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “পশ্চিমবংগতো বিজেপি চৰকাৰ গঠন হ’ব। প্ৰথমবাৰৰ বাবে বিজেপিয়ে ইতিহাস ৰচনা কৰিব।
বিজেপিৰ ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যালয়ত কালি অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ একনিষ্ঠ কাৰ্যকৰ্তা জয়ন্ত দত্ত, বীৰেন ফুকন আৰু প্ৰশান্ত গগৈৰ সোঁৱৰণত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ তিনি গৰাকী বিজেপি কৰ্মী জয়ন্ত দত্ত, বীৰেন ফুকন আৰু প্ৰশান্ত গগৈক ২০০১ চনৰ ১ মে’ৰ নিশা ডিব্ৰুগড়ৰ সোণাৰীপট্টীত আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল।সেই সময়ত ডিব্ৰুগড়ৰ জিলা বিজেপিৰ সভাপতি জয়ন্ত দত্তই নিৰ্বাচনী প্ৰচাৰ সামৰি ডিব্ৰুগড় মহানগৰৰ মাজমজিয়াৰ সোণাৰীপট্টীত থকা জিলা কাৰ্যালয়লৈ ঘূৰি আহিছিল।জয়ন্ত দত্তৰ সহিতে বাকী কেইজন গাড়ীৰ পৰা ঠিক নামি আহোঁতেই হঠাৎ তীব্ৰ গুলিবৰ্ষণ হয়।সকলো দলীয় নেতা-কৰ্মী চেদেলি ভেদেলি হৈ পৰে।তীব্ৰ আৰ্তনাদ আৰু চিৎকাৰ।
যাৰ ফলত উক্ত বিজেপি নেতা জয়ন্ত দত্ত, দলীয় কৰ্মী বিৰেন ফুকন আৰু প্ৰশান্ত গগৈৰ নিমিষতে মৃত্যু হয়।উল্লেখ্য যে সেই সময়ত সমগ্ৰ এলেকাত বিদুৎ কৰ্তন হৈ আছিল আৰু এন্ধাৰৰ সুযোগ বুজি দুৰ্বৃত্তই পলায়ন কৰে।কেৱল সিমানেই নহয়, সোণাৰীপট্টীত সংঘটিত ঘটনাৰ সমান্তৰালকৈ ডিব্ৰুগড়ৰ চৌকিডিঙীত থকা জিলা অগপৰ কাৰ্যালয়ত এগৰাকী আৰক্ষী কনিষ্টবল গোহাঁই আৰু অগপৰ নিষ্ঠাৱান কৰ্মী থানেশ্বৰ বুঢ়াগোহাঁইক পইন্ট ব্লেঙ্ক ৰেঞ্জৰ পৰা গুলিয়াই অতি নিমমভাবে হত্যা কৰিছিল দুৰ্বৃত্তই।কিন্তু অতি পৰিতাপৰ কথা যে আজি ২৫ বছৰে সেই হত্যাকাৰী চিনাক্তই নহল।
এই ঘটনাৰ পাছৰে পৰা ডিব্ৰুগড় জিলা বিজেপিয়ে আজিৰ দিনটোত তিনিওজন বিজেপি নেতাক শ্ৰদ্ধাঞ্জলি জনাই আহিছে। সেয়ে বিজেপিৰ ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যালয়ত
ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আই সকলৰ দ্বাৰা নাম-কীৰ্তনৰ আয়োজন কৰা হয় । ইয়াৰ পাছত অনুষ্ঠিত হোৱা সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁ নিজৰ ভাষণত স্বৰ্গীয় জয়ন্ত দত্ত, বীৰেণ ফুকন আৰু প্ৰশান্ত গগৈৰ দল আৰু সমাজৰ প্ৰতি থকা অৱদান স্মৰণ কৰি তেওঁলোকক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে স্বৰ্গীয় ব্যক্তিসকলৰ জীৱন-দৰ্শন আৰু দলৰ প্ৰতি থকা একনিষ্ঠতাৰ কথা উল্লেখ কৰি তেওঁলোকৰ আদৰ্শ অনুসৰণ কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে লগতে কয়, তেওঁলোকৰ আত্মত্যাগ, নিষ্ঠা আৰু আদৰ্শ নতুন প্ৰজন্মৰ বাবে সদায় প্ৰেৰণা হৈ থাকিব। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে প্ৰশান্ত ফুকন , ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি দুলাল বৰা, ৰাজ্যিক বিজেপিৰ উপ-সভাপতি পুলক গোহাঁই, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্ৰ, জ্যেষ্ঠ কাৰ্যকৰ্তা মমিনুল আৱাল, শিৱজী ডুবেৰ লগতে তিনিওগৰাকী স্বৰ্গীয় বিজেপি কৰ্মীৰ পৰিয়ালবৰ্গ ।
অনুষ্ঠানত অংশগ্ৰহণ কৰি ডিব্ৰুগড় সমষ্টিৰ বিজেপি প্ৰাৰ্থী জ্যেষ্ঠ বিজেপি নেতা প্ৰশান্ত ফুকনে ৪ মে’ক লৈ প্ৰকাশ পোৱা এক্সিট প’লক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “এক্সিট প’লে সঁচাটোৱেই প্ৰকাশ কৰিছে। কাৰণ বিগত দিনত আমাৰ চৰকাৰে যিবিলাক উন্নয়নমূলক কাম কৰিলে তাৰ‌ প্ৰতিফলনটোৱে অসমৰ ৰাইজৰ মাজত ইতিবাচক কম্পন তুলিলে আৰু সেইটোৱে এস্কিট পলত প্ৰকাশ হৈছে।ডিব্ৰুগড় সমষ্টিত মই প্ৰায় ১ লাখ ভোটত জয়লাভ কৰিম”……প্ৰশান্ত ফুকনে দৃঢ়তাৰে কয়।

Leave a Reply

Your email address will not be published. Required fields are marked *