...

​কোকৰাঝাৰত সপ্তম ‘এৰী দিৱস’ উদযাপন

​কোকৰাঝাৰত সপ্তম ‘এৰী দিৱস’ উদযাপন

ৰেচম শিল্পৰ উত্তৰণৰ সংকল্প

​দোতমা,২মে’:

বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC) ৰ ৰেচম বিভাগৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ আদাবাৰীস্থিত ‘বড়োলেণ্ড চিল্ক পাৰ্ক’ত সপ্তম ‘এৰী দিৱস’ উলহ-মালহেৰে উদযাপন কৰা হয়।
​বিটিআৰ অঞ্চলৰ পৰম্পৰাগত ৰেচম শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা আৰু এৰী পালনৰ সৈতে জড়িত থলুৱা শিপিনী তথা কৃষকসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে এই দিৱসৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বিভাগীয় পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই বিশেষ অনুষ্ঠানত বিটিচিৰ ৰেচম বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে বহুসংখ্যক বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰেচম পালক উপস্থিত থাকে। বক্তাসকলে ভাষণ প্ৰসংগত উল্লেখ কৰে যে অসমৰ অৰ্থনীতিত এৰী শিল্পৰ এক বিশেষ ভূমিকা আছে। বিশেষকৈ বিটিআৰ অঞ্চলৰ মহিলাসকলক স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত এৰী উৎপাদন আৰু কটা-বোৱা কাৰ্যই এক নতুন মাত্ৰা প্ৰদান কৰিছে।
​দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই দিৱসত আধুনিক পদ্ধতিৰে এৰী পালন আৰু উৎপাদন বৃদ্ধিৰ ওপৰতো আলোকপাত কৰা হয়। অনুষ্ঠানত শ্ৰেষ্ঠ এৰী পালকসকলক উৎসাহিত কৰাৰ বাবে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
​বিটিচি চৰকাৰে এই চিল্ক পাৰ্কৰ জৰিয়তে অনাগত দিনত থলুৱা বস্ত্ৰ শিল্পক এক উদ্যোগিক ৰূপ দিয়াৰ লগতে নিবনুৱা সংস্থাপনৰ পথ প্ৰশস্ত কৰিব বুলিও বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে। অনুষ্ঠানত মূখ্য অতিথি হিচাপে বিভাগীয় ইএম কৰ্মেশ্বৰ ৰায় , অতিথি হিচাপে থাকে ৰেচম বিভাগৰ , অঞ্চুলা বসুমাতাৰী , অৱসৰপ্ৰাপ্ত সঞ্চালক ড: যোগেশ দেওৰী , হিৰা ময়ী দেৱী ,পদ্মশ্ৰী সৰ্বেশ্বৰ ব্ৰহ্ম , সঞ্চালক ড: কাৰ্তিক নেওক আদি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *