বছৰলৈ সামৰণি পৰিল ডিব্ৰুগড়ৰ সাংবাদিকৰ হুচৰি
সাংবাদিকসকলৰ এই প্রয়াসে বিহুৰ প্ৰতি থকা আন্তৰিকতা আৰু মানৱীয় প্রমূল্যবোধক প্রতিফলিত কৰিছে:সোণোৱাল
চাইন অন ডেস্ক,২মেঃ
ডিব্ৰুগড়ত সাংবাদিকৰ সৈতে ঘুৰি ঘুৰি নাচিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ষষ্ঠদশ বৰ্ষত ভৰি দিয়া ডিব্ৰুগড়ৰ সাংবাদিক হুঁচৰি দলে নিমন্ত্ৰণ অনুসৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
বাসগৃহত হুঁচৰি পৰিৱেশন কৰে।সাংবাদিকৰ এই হুঁচৰিত হেপাঁহ পলুৱাই নাচিলে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।নিজৰ ব্যস্ততাৰ মাজতো সাংবাদিকসকলে অসমীয়া সংস্কৃতিৰ চহা পৰম্পৰা ৰক্ষা কৰি যি সুন্দৰ হুঁচৰি আৰু বিহু নৃত্য প্ৰদৰ্শন কৰিলে, তাৰ দ্বাৰা কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আপ্লুত হৈ পৰে। সাংবাদিকসকলৰ এই প্ৰদৰ্শনত অভিভূত হৈ সর্বানন্দ সোনোৱালে কয় যে আজি তেওঁৰ বাসগৃহৰ চৌহদত সাংবাদিক বন্ধুসকলে যি বিহুনাম আৰু
গীত-মাত পৰিৱেশন কৰিলে, সি অসমীয়াৰ সাতামপুৰুষীয়া সামাজিক, সাংস্কৃতিক তথা আধ্যাত্মিক পৰম্পৰাক এক মর্যাদা প্রদান কৰিছে। তেওঁ উল্লেখ কৰে যে এয়া কেৱল এদিনৰ প্ৰস্তুতি নহয়, বৰঞ্চ সাংবাদিকসকলে যথেষ্ট অনুশীলনৰ জৰিয়তেহে ঢোল, পেঁপা আৰু তাল্ব এনে সুন্দৰ সমন্বয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। সাংবাদিকসকলৰ এই প্রয়াসে বিহুৰ প্ৰতি থকা আন্তৰিকতা আৰু মানৱীয় প্রমূল্যবোধক প্রতিফলিত কৰিছে বুলিও তেওঁ ব্যক্ত কৰে। উঠি অহা প্রজন্মই এইদৰে নিজৰ ভাষা-সংস্কৃতিৰ প্ৰতি ধাউতি প্ৰদৰ্শন কৰা কাৰ্যই অসমীয়া জাতিক সদায় এক নতুন আদর্শ প্রদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। তেওঁ বিহু দলটিত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী সাংবাদিককে বিশেষভাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ এই সুন্দৰ পৰম্পৰা ভবিষ্যতেও অব্যাহত থাকক বুলি শুভেচ্ছা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে।
অসম আৰু অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা তথা বাপতি সাহোন বহাগ বিহু মানেই অসমীয়াৰ প্ৰাণ। হাজাৰ দুখ-কষ্ট হ’লেও, এই বিহুত এপাক কঁকাল ঘূৰাই নচাৰ সকলোৰে মন থাকে। ইয়াৰ ব্যতিক্ৰম নহয় ডিব্ৰুগড়ৰ সাংবাদিক সকল।24×7 দিনেই অত্যন্ত ব্যস্ত হৈ থকা সাংবাদিক সকলে প্ৰতিবছৰে এনেদৰে হুঁচৰি পৰিৱেশন কৰি আহিছে বহাগৰ বিহুত। পৰম্পৰাগত সাজপাৰ ,বিহু নামেৰে, গৃহস্থৰ কুশল-মঙ্গল কামনা, আশীৰ্বাদেৰে জাতীয় জীৱনৰ পৰম্পৰা ৰক্ষাৰ প্ৰচেষ্টাত উলিওৱা সাংবাদিক সকলৰ এই হুঁচৰি এই বছৰ ১৬ বছৰত ভৰি দিলে। ডিব্ৰুগড়ৰ সদৰত কৰ্মৰত বিভিন্ন সংবাদ পত্ৰ আৰু সংবাদ মাধ্যমৰ বিভিন্ন জাতি জনগোষ্ঠীয় তথা ধৰ্মাৱলম্বী সকলো সাংবাদিক ঐক্যবদ্ধ হৈ সাংবাদিক সকলৰ চোতালে-চোতালে জুৰি আহিছে এই হুঁচৰি। প্ৰতি সন্ধিয়া উলিওৱা সাংবাদিকৰ হুঁচৰি কালি সামৰণি মৰা হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত। নিমন্ত্ৰণ ৰক্ষা কৰি সোনোৱালৰ চোতালত হুঁচৰি পৰিৱেশন কৰা লগতে বছৰটোৰ বাবে হুঁচৰি সামৰা হয়। একতাৰ এনাজৰী, সংস্কৃতিৰ ভাতৃত্ববোধেৰে ইলেক্ট্ৰিকনিক আৰু প্ৰিণ্ট মিডিয়াৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সমূহ সাংবাদিক এক হৈ ২০১১ চনৰ পৰা
ধাৰাবাহিকভাবে সাংবাদিকসকলৰ এই হুঁচৰিয়েই ইতিমধ্যে চৰ্চা লাভ কৰিছে। সাংবাদিকসকলে নিশা দুপৰলৈকে হুঁচৰি গাই সংগৃহীত ধনৰাশি ‘সাংবাদিক কল্যাণ সমিতি’ নামেৰে বেংকৰ একাউন্ট জমা ৰাখি বিভিন্ন সময়ত সাংবাদিকৰ আপদকালীন সময়ত সহায় কৰি আহিছে। ইতিমধ্যেই ভালেকেইজন সাংবাদিকক দুর্ঘটনা আৰু চিকিৎসাৰ বাবে
এককালীন সাহায্য প্ৰদান কৰা হৈছে।ডিব্ৰুগড়ৰ সাংবাদিক সকলৰ এনে প্ৰচেষ্টা স্বাভাৱিকতে ৰাজ্যৰ সংবাদ মহলত এক নজিৰ সৃষ্টি কৰি আহিছে।
Like this:
Like Loading...