...

ষ্ট্ৰং ৰোমত সন্দেহজনক কাৰ্যকলাপ!

জ্যোতিষ কুমাৰ পাতিৰঃ বিধানসভা নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাত্ৰ চাৰিটা দিন বাকী৷ তেনে প্ৰাকক্ষণত পশ্চিমবংগত বিজেপি-তৃণমূল কংগ্ৰেছৰ মাজত ষ্ট্ৰংৰোমত সন্দেহজনক কাৰ্যকলাপক কেন্দ্ৰ কৰি অভিযোগ-প্ৰতিঅভিযোগক লৈ পৰিস্থিতি উত্তপ্ত হৈ আছে৷

ইয়াৰ মাজতে কালি নিশা কলকাতাৰ নেতাজী ইনড’ৰ ষ্টেডিয়ামত স্থাপন কৰা ষ্ট্ৰংৰোমত বিজেপি আৰু তৃণমূল কংগ্ৰেছ কৰ্মীৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হয়৷ ইয়াৰ পাছতে ৰাজ্যখনৰ নিৰ্বাচনী আয়োগে ষ্ট্ৰং ৰোমৰ আশে-পাশে জনসমাগম বা যিকোনো লোকৰ উপস্থিতিত নিষেধাজ্ঞা আৰোপ কৰিছে৷

ইফালে তৃণমূল কংগ্ৰেছে উত্থাপন কৰা ষ্ট্ৰংৰোমত সন্দেহজনক কাৰ্যকলাপৰ অভিযোগক পোনছাটে নস্যাৎ কৰি ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া মনোজ কুমাৰ আগৰৱালাই৷ পশ্চিমবংগৰ সাহিদ ক্ষুদিৰাম বসু ৰোড, জজছ ক’ৰ্ট ৰোড, জাদৱপুৰ, ডাইমণ্ড হাৰ্বাৰ ৰোড, লৰ্ড সিনহা হল, নৰেশ মিত্ৰ সাৰণি (বেলতলা ৰোড) আৰু প্ৰমথেশ বৰুৱা সাৰণি আদি অঞ্চলত নিষেধাজ্ঞা আদেশ বলবৎ কৰা হৈছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *