...

ডিব্ৰুগড়ৰ মাৰোৱাৰী হিন্দী হাইস্কুলত চৰম অৰাজকতা

ডিব্ৰুগড়ৰ মাৰোৱাৰী হিন্দী হাইস্কুলত চৰম অৰাজকতা

দুগৰাকী প্ৰধান শিক্ষক ! এগৰাকী চৰকাৰী আনগৰাকী বেচৰকাৰী!

এবছৰ ধৰি বন্ধ মধ্যাহ্ন ভোজন

চাইন অন ডেস্ক,১৪আগষ্টঃ

ডিব্ৰুগড়ৰ মাৰোৱাৰী হিন্দী হাইস্কুলত চলিছে চৰম অৰাজকতা।একেখন বিদ্যালয়ত আছে
দুগৰাকীকৈ প্ৰধান শিক্ষক।এগৰাকী চৰকাৰীভাবে নিযুক্তি প্ৰাপ্ত আৰু আনগৰাকী পৰিচালনা সমিতিয়ে প্ৰদান কৰা প্ৰধান শিক্ষক।অসমৰ দ্বিতীয় ৰাজধানী তথা শিক্ষানগৰী হিচাপে পৰিচিত ডিব্ৰুগড় মহানগৰীৰ মাজমজিয়াত, জিলা বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ অতি কাষতে অৱস্থিত ঐতিহাসিক মাৰোৱাৰী হিন্দী হাইস্কুলত বৰ্তমান এক অভূতপূৰ্ব আৰু লজ্জাজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। বিদ্যালয় পৰিচালনা সমিতিৰ স্বেচ্ছাচাৰিতা, পদবীকেন্দ্ৰীক ক্ষমতাৰ সংঘাত আৰু দুৰ্নীতিৰ ফলত বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ উপক্ৰম হৈছে। চৰকাৰী নীতি-নিয়মক থকাসৰকা কৰি চলা এই বিদ্যালয়খনত এতিয়া ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে এক অতিশয় অস্বাস্থ্যকৰ আৰু ভীতিগ্ৰস্ত পৰিৱেশত। প্ৰাপ্ত অভিযোগ অনুসৰি, শিক্ষা বিভাগে নিয়মীয়া প্ৰক্ৰিয়াৰে ৰজনী শৰ্মা নামৰ এগৰাকী শিক্ষয়িত্ৰীক বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে নিযুক্তি দিছিল। কিন্তু বিদ্যালয় পৰিচালনা সমিতিয়ে চৰকাৰী নিযুক্তি পত্ৰক ভেঙুচালি কৰি শিক্ষয়িত্ৰী ৰজনী শৰ্মাক বিদ্যালয়ৰ সকলো কাম-কাজৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই ৰাখে। ইয়াৰ বিপৰীতে পৰিচালনা সমিতিয়ে নিজাববীয়াকৈ বিদ্যালয়খনৰ গণিত বিষয়ৰ শিক্ষক ৰাম নীৰজ সিঙক স্বয়ম্ভূ প্ৰধান শিক্ষক হিচাপে ঘোষণা কৰি দায়িত্ব প্ৰদান কৰে। ফলস্বৰূপে, বিদ্যালয়খনত বৰ্তমান চৰকাৰী আৰু সমিতিৰ দ্বাৰা নিযুক্ত দুজন প্ৰধান শিক্ষক থকাত অবাস্তৱ পৰিস্থিতিৰ সৃষ্টি হৈছে। শিক্ষাৰ্থীসকলৰ অভিযোগ অনুসৰি, এই তথাকথিত হেডমাষ্টাৰ ৰাম নীৰজ সিঙে বিগত দুবছৰে শ্ৰেণীকোঠাত নিয়মীয়াকৈ কোনো পাঠদান নকৰি কেৱল নিজৰ গাদী বজাই ৰখাত ব্যস্ত আছে। বিদ্যালয়খনৰ আটাইতকৈ ভয়ানক দিশটো হ’ল ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনক লৈ চলা চৰম অনিয়ম। প্ৰায় এবছৰ ধৰি বিদ্যালয়খনত মধ্যাহ্ন ভোজন সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। মধ্যাহ্ন ভোজন প্ৰস্তুত কৰা ৰন্ধনশালটোতে বস্তা বস্তা চাউল আৰু অন্যান্য খাদ্যসামগ্ৰী মাহৰ পিছত মাহ ধৰি পচি নষ্ট হৈ পৰিছে। পচি যোৱা খাদ্যৰ বাবে সৃষ্টি হোৱা তীব্ৰ দুৰ্গন্ধই সমগ্ৰ বিদ্যালয়ৰ চৌপাশ ভৰি পৰিছে। এই অস্বাস্থ্যকৰ পৰিৱেশৰ মাজতেই শিক্ষক-শিক্ষাৰ্থীয়ে বাধ্য হৈ বিদ্যালয়ত কটাইছে। দুখীয়া পৰিয়ালৰ দিন হাজিৰা কৰা শ্ৰমিকৰ ল’ৰা-ছোৱালীয়ে বিদ্যালয়ত পেট ভৰাই দুমুঠি খাব বুলি আশা কৰিছিল যদিও পৰিচালনা সমিতিৰ দুৰ্নীতিৰ বাবে তেওঁলোক সেই অধিকাৰৰ পৰাও বঞ্চিত হ’বলগীয়া হৈছে। দুখীয়া ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা এই বিদ্যালয়খনত পঢ়া-শুনাৰ ন্যূনতম পৰিৱেশো বৰ্তমান নাই। তীব্ৰ গৰম আৰু হাঁহাকাৰ পৰিস্থিতিৰ মাজতো বিদ্যালয়খনত খোৱাপানীৰ কোনো সুস্থ ব্যৱস্থা নাই। বিদ্যালয়ৰ দমকল আদিও অকামিলা হৈ পৰিছে। ইয়াৰোপৰি শ্ৰেণীকোঠাসমূহত থকা চিলিং ফেন আৰু বিজুলী বাতিসমূহ বিকল হৈ পঢ়াৰ অনুপযোগী হৈ পৰিছে। তীব্ৰ গৰমত ছাত্ৰ-ছাত্ৰীয়ে ঘামি-জামি কষ্টৰে ক্লাছ কৰিবলগীয়া হৈছে। একাংশ সচেতন লোক আৰু অভিভাৱকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নিৰ্মল বেৰীয়া আৰু সম্পাদক মহাবীৰ বাগ্ৰোডিয়াৰ বিৰুদ্ধে অতি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকৰ মতে, দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী পঢ়া এই ঐতিহ্যমণ্ডিত চৰকাৰী বিদ্যালয়খন কোনো দুষ্প্ৰতিভাৱেৰে বন্ধ কৰি দি তাৰ ঠাইত কোনো ব্যক্তিগত বা প্ৰাইভেট শিক্ষানুষ্ঠান স্থাপন কৰাৰ গভীৰ ষড়যন্ত্ৰ চলিছে। বিদ্যালয়খনত চলা এই চূড়ান্ত অৰাজকতা আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ খেলা খেল প্ৰত্যক্ষ কৰি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ (আছু) এটা প্ৰতিনিধি দল তাৎক্ষণিকভাৱে বিদ্যালয়খনত উপস্থিত হয় আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। খবৰ পাই খাদ্য সুৰক্ষা বিভাগৰ এটা দল আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকাও ঘটনাস্থলীত উপস্থিত হয়। পৰিস্থিতি প্ৰত্যক্ষ কৰি তেওঁলোকো আচম্বিত হৈ পৰে। খাদ্য সুৰক্ষা বিভাগৰ দলটোৱে ৰান্ধনশালত পচি থকা চাউল আৰু খাদ্য সামগ্ৰী পৰীক্ষা কৰে। ঘটনাস্থলীত উপস্থিত হৈ পৰিদৰ্শকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত প্ৰধান শিক্ষক থকাৰ পিছতো পৰিচালনা সমিতিয়ে বেলেগকৈ শিক্ষকক প্ৰধান শিক্ষক ঘোষণা কৰাৰ বিষয়টো তেওঁলোকে গুৰুত্বসহকাৰে লৈছে। ইফালে, দীৰ্ঘদিন ধৰি মধ্যাহ্ন ভোজন বন্ধ থকা আৰু কেঁচামাল নষ্ট হোৱাৰ খবৰ পোৱাৰ লগে লগে জিলা প্ৰশাসনক অৱগত কৰা হৈছে। ডিব্ৰুগড় জিলা আয়ুক্তই ইতিমধ্যে বিষয়টোত তদন্তৰ নিৰ্দেশ দিছে আৰু শীঘ্ৰে আইনী প্ৰক্ৰিয়াৰে এই সমস্যাৰ সমাধান কৰা হ’ব বুলি তেওঁ আশ্বস্ত প্ৰদান কৰে। আনহাতে, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি বৰঠাকুৰে ক্ষোভ প্ৰকাশ কৰি কয় যে অসমৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড়ৰ বুকুৰ মাজত থকা এই বিদ্যালয়খনলৈ দিন হাজিৰা, ৰিক্সাচালক আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকৰ সন্তানহে পঢ়িবলৈ আহে। কিন্তু পৰিচালনা সমিতি আৰু একাংশ লোকে ছাত্ৰ-ছাত্ৰীৰ পেটৰ ভাত কাঢ়ি লৈ ৰাজনীতি কৰিছে, চৰকাৰী চাউল লুণ্ঠন কৰি পচাই পেলাইছে। তেওঁ স্পষ্ট ভাষাৰে কয় যে যিসকলে দুখীয়া ছাত্ৰ-ছাত্ৰীৰ মুখৰ গ্ৰাস কাঢ়ি লৈছে, সেই দুৰ্নীতিগ্ৰস্ত ব্যক্তিসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিব লাগে। এই অন্যায় ছাত্ৰ সন্থাই কেতিয়াও সহ্য নকৰে বুলি তেওঁ হুংকাৰ দিয়ে। ডিব্ৰুগড়ৰ মাৰোৱাৰী হিন্দী হাইস্কুলৰ এই ঘটনাৱলীয়ে ৰাজ্যৰ শিক্ষা বিভাগৰ ভিতৰচ’ৰাৰ বেমেজালি ছবিখন স্পষ্ট কৰি তুলিছে। দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ মৌলিক অধিকাৰ কাঢ়ি লোৱা এই অপশক্তিৰ বিৰুদ্ধে শিক্ষা বিভাগে কেৱল তদন্ততে সীমাবদ্ধ নাথাকি শীঘ্ৰে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰি বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ আৰু মধ্যাহ্ন ভোজন ব্যৱস্থা পুনৰ ঘূৰাই আনিব বুলি সাধাৰণ ৰাইজ তথা অভিভাৱক সমাজ আশাবাদী।

Leave a Reply

Your email address will not be published. Required fields are marked *