অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ দাবীত
ডিব্ৰুগড়ত নাৰী-কৃষক মুক্তিৰ প্ৰতিবাদ
চাইন অন ডেস্ক,১৪আগষ্টঃ


চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, ভূটান আৰু নাগালেণ্ডত নিৰ্মিত আৰু প্ৰস্তাৱিত বৃহৎ নদী বান্ধসমূহ বন্ধ কৰা, অসমলৈ বৈ অহা পাহাৰ, পৰ্বত আৰু নদ-নদীৰ আৱেষ্টনীত চলি থকা শিল, বালি আৰু কয়লাৰ অবৈধ খনন বন্ধ কৰা, বানপানীৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালক ১০ লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা, উজনি অসমৰ বানাক্ৰান্ত অঞ্চলৰ
গৃহহীন পৰিয়ালসমূহক শীঘ্ৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা আদি দাবীসমূহ উত্থাপন কৰে৷ ইয়াৰ লগতে সংগঠনটোৱে বৃহৎ নদী বান্ধৰ পৰা হোৱা ক্ষতিৰ উচিত তদন্তৰো দাবী জনাইছে। ইফালে প্ৰতিবাদকাৰীসকলে ‘বৃহৎ নদীবান্ধ বন্ধ কৰ’, ‘বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক’, ‘অবৈধ শিল-বালি আৰু কয়লা খনন বন্ধ কৰক’ আদি প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। চৰকাৰে এই দাবীসমূহ শীঘ্ৰে মানি লৈ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে ভৱিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে নাৰী মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।