ডিব্ৰুগড়ত অত্যাধুনিক হস্ততাঁত বাণিজ্য কেন্দ্ৰ উদ্বোধন
এই কেন্দ্ৰৰ মাধ্যমেৰে কাৰিকৰসকলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ সম্প্ৰসাৰণ কৰিব পাৰিবঃমন্ত্ৰী বিশ্বজিত দৈমাৰী
চাইন অন ডেস্ক,৫আগষ্ট:
আজি ডিব্ৰুগড়ৰ চৌকিডিঙিস্থিত এ এছ টি চি (ASTC) বাছ টাৰ্মিনেলৰ বিপৰীতে থকা এক আধুনিক হস্ততাঁত বাণিজ্য কেন্দ্ৰ (Handloom Trade Centre) উদ্বোধন কৰে ৰাজ্যৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেশম বিভাগৰ মন্ত্ৰী বিশ্বজিত দৈমাৰীয়ে। অসমীয়া পাট-মুগা আৰু জনজাতীয় বস্ত্ৰৰ বাণিজ্য একত্ৰিত কৰাৰ লগতে থলুৱা শিল্পীসকলক বৃহৎ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে একত্ৰিত কৰাৰ বাবে এই ব্যৱস্থা তৈয়াৰ কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চল পৰিষদ (NEC) আৰু অসম চৰকাৰৰ ৯৯১.৭০ লাখ
টকাৰ বিত্তীয় সাহায্যৰে নিৰ্মাণ কৰা এই কেন্দ্ৰটোৰ উদ্দেশ্য হৈছে পৰম্পৰাগত হস্ততাঁত সামগ্ৰীৰ বজাৰৰ সুযোগ শক্তিশালী কৰা আৰু স্থানীয় বয়নশিল্পীসকলক সচ্ছল কৰি তোলা।
উদ্বোধনী অনুষ্ঠানত ভাষণ দি দৈমাৰীয়ে কয় যে উজনিত এক মুখ্য বাণিজ্যিক কেন্দ্ৰ হিচাপে ডিব্ৰুগড়ত এই কেন্দ্ৰটো স্থাপন কৰাৰ ফলত চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে উন্নত যাতায়াত সংযোগ স্থাপন হ’ব আৰু সমগ্ৰ উত্তৰ-পূবৰ উৎপাদক তথা ক্ৰেতাসকলৰ বাবে সুবিধা বৃদ্ধি পাব। “এই হস্ততাঁত বাণিজ্য কেন্দ্ৰই কেৱল অসমতেই নহয়, সমগ্ৰ উত্তৰ-
পূৰ্বাঞ্চলতে সেৱা আগবঢ়াব। ওচৰতে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড থকাৰ বাবে ই এক মুখ্য কেন্দ্ৰ হিচাপে কাম কৰিব। এই কেন্দ্ৰটোৰ মাধ্যমেৰে কাৰিকৰসকলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ সম্প্ৰসাৰণ কৰিব পাৰিব,”— তেওঁ কয়।
এই বাণিজ্য কেন্দ্ৰটো বৃহৎ পৰিসৰৰ ব্যৱসায়িক লেনদেন (B2B)
পৰিচালনা কৰিব পৰাকৈ সজ্জিত কৰা হৈছে, যাৰ ফলত পাইকাৰী ক্ৰেতা, বুটিক ডিজাইনাৰ আৰু ৰপ্তানি প্ৰতিনিধিসকলে প্ৰত্যক্ষভাৱে উৎপাদকসকলৰ পৰা খাঁটি অসমীয়া ৰেশম— মুগা, এৰী, পাট আৰু নিখুঁত জনজাতীয় বস্ত্ৰসমূহ সংগ্ৰহ কৰিব পাৰিব। বিষয়া সকলে জনায় যে মধ্যভোগীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি এই কেন্দ্ৰটোৱে মূল্য নিৰ্ধাৰণত স্বচ্ছতা অনা, গুণগত মান নিয়ন্ত্ৰণ কৰা আৰু গ্ৰাম্য বয়নশিল্পীসকলে লাভ কৰা মুনাফাৰ পৰিমাণ বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে।
“অসমৰ বস্ত্ৰ উদ্যোগ কেৱল আমাৰ পৰম্পৰা আৰু সংস্কৃতিৰ প্ৰতীকেই নহয়, ই আমাৰ গ্ৰামীণ অৰ্থনীতিৰ প্ৰাণস্পন্দন। আমাৰ বয়নশিল্পীসকলৰ একাগ্ৰতাই সদায় অসমৰ অৰ্থনীতিৰ ভেটি শক্তিশালী কৰি আহিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসম চৰকাৰে বয়নশিল্পীসকলক সচ্ছল কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপে অসমৰ হস্ততাঁত আৰু বস্ত্ৰ উদ্যোগৰ বিশ্বযাত্ৰা সম্ভৱ কৰি তুলিছে। মই অত্যন্ত আশাবাদী যে এই আধুনিক বাণিজ্য কেন্দ্ৰই আমাৰ ৰাজ্যৰ বয়নশিল্পীসকলক শক্তিশালী
কৰাত আৰু অৰ্থনৈতিক সমৃদ্ধি কাঢ়ি অনাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব,”— দৈমাৰীয়ে লগতে কয়।
বজাৰ নিয়ন্ত্ৰণ, মূল্য নিৰ্ধাৰণৰ নিৰ্দেশনা আৰু গুণগত মান নিশ্চিতকৰণৰ বাবে গঠন কৰা এক পৰিচালনা সমিতিৰ সৈতে হস্ততাঁত আৰু বস্ত্ৰ বিভাগে ইয়াৰ কাৰ্যসূচী তদাৰক কৰিব। বিষয়াসকলে জনোৱা মতে কাৰিকৰসকলক
প্রাতিষ্ঠানিক ক্ৰেতা আৰু ৰপ্তানি চুক্তি লাভ কৰাত সহায় কৰিবলৈ এই কেন্দ্ৰটোত নিয়মিতভাৱে বাণিজ্য মেলা, ক্ৰেতা-বিক্ৰেতা সন্মিলন আৰু
প্ৰমাণপত্ৰ প্ৰদান শিবিৰৰ আয়োজন কৰা হ’ব।
উদ্বোধনী অনুষ্ঠানত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা আৰু হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ সঞ্চালিকা ময়ূৰী ওজা উপস্থিত থাকে।