অসমৰ বান ‘মানুহে সৃষ্টি কৰা দুৰ্যোগ’ বৈজ্ঞানিক তদন্তৰ দাবী লুৰিণজ্যোতি গগৈৰ
অসমত আৰু কিমান মানুহ মৃত্যুবৰণ কৰিলে প্ৰধানমন্ত্ৰী আহিব ? -লুৰিণ
ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈৰ সংবাদমেল
চাইন অন ডেস্ক,৫আগষ্টঃ
অসমৰ শেহতীয়া ভয়াবহ বান পৰিস্থিতিক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ভূমিকা, সাহায্য নীতি, পৰিৱেশ ধ্বংস আৰু দুৰ্যোগ ব্যৱস্থাপনাক কেন্দ্ৰ কৰি তীব্ৰ সমালোচনা কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।আজি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত তেওঁ দাবী কৰে যে অসমৰ এই বান কেৱল প্ৰাকৃতিক দুৰ্যোগ নহয়, বৰঞ্চ বছৰ বছৰ ধৰি চলি অহা অবৈধ কয়লা খনন, শিল-বালি আৰু মাটি খনন, বনাঞ্চল ধ্বংস আৰু পাহাৰৰ পৰিৱেশগত ভাৰসাম্য নষ্ট হোৱাৰ ফলত সৃষ্টি হোৱা ‘মানুহে সৃষ্টি কৰা দুৰ্যোগ’। এই সমগ্ৰ ঘটনাৰ বৈজ্ঞানিক তদন্ত কৰি ইয়াৰ প্ৰকৃত কাৰণ জনসাধাৰণৰ আগত প্ৰকাশ কৰাৰ দাবীও জনায় লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে অভিযোগ কৰে যে বানৰ ২০ দিন অতিক্ৰম হোৱাৰ পাছতো চৰকাৰে এই ভয়ংকৰ পৰিস্থিতিৰ মূল কাৰণ সম্পৰ্কে কোনো স্পষ্ট ব্যাখ্যা আগবঢ়োৱা নাই। তেওঁৰ মতে, বিহুবৰ, সন্তক, নাজিৰা, শিৱসাগৰ আদি অঞ্চলত পানী সাধাৰণ বানৰ দৰে নহয়, বৰঞ্চ ছুনামীৰ দৰে প্ৰচণ্ড বেগেৰে সোমাই মানুহ, ঘৰ-বাৰী আৰু সম্পত্তি মুহূৰ্ততে উটুৱাই লৈ গৈছে। এনে পৰিস্থিতি কেৱল অতিবৃষ্টিৰ ফল হ’ব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে পাহাৰত ব্যাপকভাৱে চলি থকা কয়লা, শিল, মাটি খনন আৰু বনাঞ্চল ধ্বংসৰ ফলত নদ-নদীৰ স্বাভাৱিক গতিপথ আৰু পাহাৰৰ ভৌগোলিক ভাৰসাম্য নষ্ট হৈছে। সংবাদমেলত তেওঁ দিখৌ নদীৰ উৎসস্থলৰ পূৰ্বৰ আৰু বৰ্তমানৰ উপগ্ৰহ চিত্ৰ দেখুৱাই দাবী কৰে যে একসময়ত শান্ত নদী হিচাপে পৰিচিত দিখৌৰ উৎসস্থল এতিয়া ব্যাপক খনন আৰু বনাঞ্চল ধ্বংসৰ ফলত সম্পূৰ্ণৰূপে সলনি হৈছে। ‘ইণ্ডিয়া ষ্টেট অৱ ফৰেষ্ট ৰিপোৰ্ট’ৰ উদ্ধৃতি দি তেওঁ কয় যে যোৱা দহ বছৰত অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত প্ৰায় ৭৯৪.৮৮ বৰ্গ কিলোমিটাৰ বনাঞ্চল হ্ৰাস পাইছে, যাৰ প্ৰভাৱ নামনি অসমত পৰিছে বুলি তেওঁ অভিযোগ কৰে। কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা সন্দৰ্ভত তেওঁ প্ৰশ্ন উত্থাপন কৰি কয় যে চৰকাৰী হিচাপমতে ৮৯ জন লোকৰ মৃত্যু হোৱাৰ পাছতো দেশৰ প্ৰধানমন্ত্ৰীয়ে অসম ভ্ৰমণ নকৰিলে। তেওঁৰ দাবী, গুজৰাট, পশ্চিমবংগ আৰু উৰিষ্যাত বানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে একাধিকবাৰ পৰিদৰ্শন কৰিছিল যদিও অসমৰ ক্ষেত্ৰত তেনে গুৰুত্ব দেখা নগ’ল। আনহাতে পাকিস্তানত বান আহিলে লগে লগে টুইট কৰা প্ৰধানমন্ত্ৰীৰ অসমৰ বানক লৈ টুইট
কৰিবলৈ এসপ্তাহ সময় লাগিল বুলি সমালোচনা কৰে৷ ‘অসমত আৰু কিমান মানুহ মৃত্যুবৰণ কৰিলে প্ৰধানমন্ত্ৰী আহিব ?’—এই প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে ৰাজ্যখনৰ প্ৰতি দিল্লীৰ দৃষ্টিভংগী হতাশাজনক। কেন্দ্ৰীয় সাহায্যৰ বিষয়তো লুৰিণজ্যোতি গগৈয়ে একাধিক পৰিসংখ্যা দাঙি ধৰি অভিযোগ কৰে যে ৰাজ্যই বিচৰা সাহায্যৰ তুলনাত অনুমোদন আৰু মুকলি কৰা ধনৰ পৰিমাণ অতি নগণ্য। তেওঁৰ বক্তব্য অনুসৰি, ২০২০-২১ বিত্তীয় বৰ্ষত ৰাজ্যই ২,৪৪০.৮৭ কোটি টকা বিচাৰিছিল যদিও অনুমোদন দিয়া হৈছিল ৪৩৭.১৫ কোটি টকা আৰু মুকলি কৰা হৈছিল মাত্ৰ ৪১.৩৭ কোটি টকা। ২০২১-২২ বৰ্ষত ১,০৮৮.১৮ কোটি টকা বিচৰা হৈছিল যদিও অনুমোদন হয় ৫১.৫৩ কোটি টকা, কিন্তু মুকলি কৰা নহ’ল। ২০২৩-২৪ বৰ্ষতো ১১৭ কোটি টকা বিচৰাৰ বিপৰীতে ৭৩.৯৮ কোটি টকা অনুমোদন হোৱাৰ পাছতো ধন মুকলি কৰা নহ’ল বুলি তেওঁ দাবী কৰে। আনহাতে ২০২৫-২৬ বৰ্ষত ৫,৭২৬.২৭ কোটি টকা বিচৰাৰ বিপৰীতে ১,৩৯৬ কোটি টকা অনুমোদন কৰি মাত্ৰ ৩২৩.৩৯ কোটি টকা মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে মহাৰাষ্ট্ৰ আৰু উৰিষ্যাক ৫০০ কোটি টকাকৈ কেন্দ্ৰীয় সাহায্য প্ৰদান কৰা হৈছে, কিন্তু অসমৰ বাবে ঘোষণা কৰা হৈছে মাত্ৰ ৩৯৭ কোটি টকা। এই তথ্যসমূহ কেন্দ্ৰীয় চৰকাৰৰ চৰকাৰী নথিৰ পৰাই সংগ্ৰহ কৰা বুলি দাবী কৰি তেওঁ কয় যে অসমৰ প্ৰতি কেন্দ্ৰৰ বৈষম্যমূলক মনোভাৱ পুনৰ স্পষ্ট হৈছে। মুখ্যমন্ত্ৰীৰ শেহতীয়া মন্তব্যৰো তীব্ৰ সমালোচনা কৰি লুৰিণজ্যোতি গগৈয়ে অভিযোগ কৰে যে নেপালী খুটি অঞ্চলৰ লোকসকলক কয়লা ব্যৱসায়ৰ সৈতে জড়িত বুলি কোৱা মন্তব্যই দুৰ্যোগত সৰ্বস্ব হেৰুওৱা মানুহক অপমান কৰিছে। তেওঁৰ মতে, অঞ্চলটোৰ অধিকাংশ পৰিয়াল দুগ্ধ উৎপাদন আৰু কৃষিৰ ওপৰত নিৰ্ভৰশীল। হাজাৰতকৈ অধিক গৰু এই বানত মৃত্যুমুখত পৰিছে আৰু বহু পৰিয়ালে জীৱিকাৰ একমাত্ৰ সম্বল হেৰুৱাইছে। এনে সময়ত তেওঁলোকক দোষাৰোপ কৰাটো অমানৱীয় আৰু প্ৰকৃত দোষীক আড়াল কৰাৰ চেষ্টা বুলিও তেওঁ মন্তব্য কৰে। তেওঁৰ অভিযোগ, বিহুবৰ অঞ্চলত পূৰ্বে ১৩৮ৰ পৰা ১৪৮টা পৰ্যন্ত শিল ক্ৰেচাৰ মেচিন চলিছিল। এতিয়া কিছুসংখ্যক কমিলেও বছৰ বছৰ ধৰি চলি অহা অবৈধ খনন কাৰ্যই পাহাৰৰ ভাৰসাম্য সম্পূৰ্ণৰূপে নষ্ট কৰিছে। কয়লা পৰিবহণৰ বাবে
নদীৰ ওপৰত অস্থায়ী কাঠৰ দলং নিৰ্মাণ কৰি পিছত সেইবোৰ আঁতৰাই নিদিয়াৰ ফলতো বহু ঠাইত কৃত্ৰিমভাৱে পানী জমা হৈ বানৰ তীব্ৰতা বৃদ্ধি পোৱা বুলি বিভিন্ন মহলে অভিযোগ উত্থাপন কৰিছে বুলি তেওঁ উল্লেখ কৰে। এই সকলো দিশ বৈজ্ঞানিকভাৱে তদন্ত কৰি সত্য জনসাধাৰণৰ আগত প্ৰকাশ কৰাৰ দাবীও তেওঁ জনায়। ক্ষতিপূৰণৰ বিষয়তো লুৰিণজ্যোতি গগৈয়ে কয় যে বৰ্তমান ব্যৱহৃত দুৰ্যোগ সাহায্যৰ মেনুৱেল ২০১৫ চনৰ। বিগত এক দশকত ইটা, বালি, শিল, লোহা, গেছ চিলিণ্ডাৰ, চাউল আদি সামগ্ৰীৰ মূল্য বহুগুণ বৃদ্ধি পাইছে যদিও সাহায্যৰ পৰিমাণ পুৰণি নিৰিখতেই ৰৈ গৈছে। বৰ্তমান মৃত্যুৰ ক্ষেত্ৰত ৪ লাখ টকা, কাপোৰ-কানি আৰু ঘৰুৱা সামগ্ৰীৰ ক্ষতিৰ বাবে ২,৫০০ টকা, গৃহ মেৰামতি বা অস্থায়ী আশ্ৰয়ৰ বাবে সৰ্বাধিক ১.২০ লাখ টকাৰ সাহায্য বাস্তৱ পৰিস্থিতিৰ সৈতে সামঞ্জস্যহীন বুলি মন্তব্য কৰি তেওঁ ৰাজ্য চৰকাৰক শীঘ্ৰে কেবিনেট বৈঠক আহ্বান কৰি বৰ্তমানৰ বজাৰ দৰ অনুসৰি নতুন ক্ষতিপূৰণ নীতি আৰু সাহায্যৰ নিৰিখ নিৰ্ধাৰণ কৰাৰ দাবী জনায়। সংবাদমেলত অসম জাতীয় পৰিষদৰ সম্পাদক ৰাজু ফুকন আৰু উপ-সভাপতি বীৰেন বৰুৱাও উপস্থিত থাকে।