আইতাকৰ শেষকৃত্যত অংশগ্ৰহণ
২১ নৱেম্বৰত পঞ্জাৱলৈ নিয়া হ’ব অমৃতপাল সিঙক
চাইন অন ডেস্ক,১৯ নৱেম্বৰ:

অমৃতসৰৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশে পঞ্জাৱ চৰকাৰক ২১ নৱেম্বৰত দুপৰীয়া ১২ বজাৰ পৰা ৩ বজালৈ তিনি ঘণ্টাৰ বাবে অমৃতসৰ জিলাৰ জল্লুপুৰ খেৰা গাঁৱত অমৃতপালৰ উপস্থিতি নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। মানৱীয় দৃষ্টিভংগীৰে এই অনুমতি প্ৰদান কৰা হৈছে যদিও এই সময়ছোৱাতো তেওঁ আৰক্ষীৰ জিম্মাত থাকিব লাগিব।
উল্লেখ্য যে ১৪ নৱেম্বৰত তেওঁক পঞ্জাৱলৈ নিয়াৰ বাবে পূৰ্বে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছিল। কিন্তু ডিব্ৰুগড়ৰ পৰা অমৃতসৰলৈ যোৱাৰ বাবে কম সময়ৰ ভিতৰত বিমান বা আন উপযুক্ত যাতায়াতৰ ব্যৱস্থা কৰিব নোৱাৰাৰ বাবে সেই নিৰ্দেশ কাৰ্যকৰী কৰিব পৰা নগ’ল। ইয়াৰ পাছতে ১৭ নৱেম্বৰত আদালতে নতুন নিৰ্দেশ জাৰি কৰে।
বৃহস্পতিবাৰে ডিব্ৰুগড়ত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত অমৃতপালৰ অধিবক্তা জছবীৰ কৌৰে কয় যে তেওঁৰ পক্ষে আদালতে নতুন তাৰিখ নিৰ্ধাৰণ কৰিছে আৰু এইবাৰ পঞ্জাৱ কৰ্তৃপক্ষই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
তেওঁ কয়, “পূৰ্বে ১৪ নৱেম্বৰত তেওঁক পঞ্জাৱলৈ নিয়াৰ কথা আছিল যদিও যাতায়াতৰ অসুবিধাৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল। এতিয়া আদালতে ২১ নৱেম্বৰত যোৱাৰ অনুমতি প্ৰদান কৰিছে। আইতাকৰ শেষকৃত্যত অংশগ্ৰহণৰ বাবে তেওঁক তিনি ঘণ্টাৰ বাবে নিজা গাঁওলৈ নিয়া হ’ব।”
জছবীৰ কৌৰে লগতে কয় যে ৮৪ বছৰ বয়সত যোৱা ৮ নৱেম্বৰত মৃত্যুবৰণ কৰা অমৃতপালৰ আইতাক চৰণ কৌৰৰ শেষকৃত্যত নাতিয়েক উপস্থিত থাকিব পাৰিব বুলি পৰিয়ালটোৱে আশা কৰি আছিল।

ইফালে, পৰৱৰ্তী ধৰ্মীয় অনুষ্ঠানসমূহত অমৃতপালে শাৰীৰিকভাৱে উপস্থিত থকাৰ বাবে পৰিয়ালে জনোৱা আবেদন আদালতে নাকচ কৰিছে। আইন-শৃংখলাজনিত পৰিস্থিতিৰ আশংকাৰ কথা উল্লেখ কৰি আদালতে ২২ নৱেম্বৰত আইতাকৰ অস্থি সংগ্ৰহ আৰু ২৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ভোগ অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।
আদালতে অমৃতপালৰ যাতায়াত আৰু নিৰাপত্তাৰ ব্যৱস্থাৰ ব্যয় তেওঁ নিজে বহন কৰিব লাগিব বুলি স্পষ্ট কৰি দিছে। অৱশ্যে অসম আৰু পঞ্জাৱৰ মাজৰ দূৰত্বৰ প্ৰতি লক্ষ্য ৰাখি ব্যয়ৰ পৰিমাণ যুক্তিসংগত হ’ব লাগিব বুলিও কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে।
লগতে, অনুষ্ঠানস্থলীত আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হ’লে বা কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ আশংকা দেখা দিলে কৰ্তৃপক্ষই তেওঁক তৎক্ষণাৎ তাৰ পৰা আঁতৰাই নিয়াৰ ক্ষমতা লাভ কৰিছে।
উল্লেখ্য যে ২০২৩ চনৰ ২৩ এপ্ৰিলৰ পৰা অমৃতপাল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ উচ্চ নিৰাপত্তাবেষ্টিত কোঠাত বন্দী হৈ আছে। অজনালা আৰক্ষী থানাৰ ঘটনাক কেন্দ্ৰ কৰি পঞ্জাৱ আৰক্ষীয়ে চলোৱা অভিযানৰ পাছত ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (NSA)ৰ অধীনত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।
কাৰাগাৰত থাকিয়েই ২০২৪ চনৰ লোকসভা নিৰ্বাচনত খাডুৰ চাহিব সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ বিজয়ী হৈছিল। ২০২৪ চনৰ ৫ জুলাইত তেওঁ সাংসদ হিচাপে শপত গ্ৰহণ কৰে। ২০২৬ চনৰ এপ্ৰিলত তেওঁৰ তিনি বছৰীয়া NSAৰ ম্যাদ উকলি যোৱাৰ পাছতো অজনালা গোচৰৰ সৈতে জড়িত হৈ তেওঁ বৰ্তমান কাৰাবন্দী হৈ আছে।