অযুত সপোনৰ আশা-প্ৰত্যাশাৰে আঘোণক লৈ ব্যস্ত গ্ৰাম্য সমাজ
সোণগুটি চপোৱাৰ আনন্দত আত্মহাৰা ঢকুৱাখনাৰ কৃষক
পুলকজ্যোতি বৰা,ঢকুৱাখনা,১৯ নৱেম্বৰ:

এতিয়া আঘোণ মাহ ।পৰম্পৰা অনুসৰি আঘোণ মাহ সোণগুটি চপোৱাৰ সময়৷আঘোণ মনেই যেন সোণোৱালী ধাননি।আঘোণ মানেই চহা কৃষকৰ সপোনৰ মেটমৰা সম্ভাৰ।আঘোণ মানেই সোণোৱালী পথাৰৰ সোণগুটিৰ আমোলমোলোৱা গোন্ধ।আঘোণ বুলিলেই গ্ৰাম্য সমাজৰ বিৰামহীন ব্যস্ততা। আহাৰ-শাওনৰ প্ৰখৰ ৰ’দৰ উত্তাপতো শৰীৰৰ কেঁচা ঘাম মাটিত পেলাই সেউজীয়া কৰা পথাৰ আঘোণতেই সোণোৱালী ৰূপ লোৱাৰ সময়েতেই চহা খেতিয়কৰ পাৰভঙা উছাহ-উদ্দীপনা গ্ৰাম্য সমাজৰ এখন চিনাকি ছবি।প্ৰকৃতিৰ বিপুল সম্ভাৰ এই আঘোণৰ বুকুতেই বিৰাজমান।
আঘোণ মাহতেই মানুহৰ মনবোৰ পুলকিত হয়৷ লখিমী আহি সোণালী পথাৰৰ বুকুৱে বুকুৱে সিচি থৈ যায় সোণগুটি। আঘোণক লৈ কবিয়ে লিখে কবিত৷ কৃষকৰ আশা আৰু হেঁপাহৰ আঘোণত সোণগুটিৰে উপচি পৰে বিশাল পথাৰ৷
অযুত সপোনৰ আশা-প্ৰত্যাশাৰে আঘোণক লৈ ব্যস্ত গ্ৰাম্য সমাজ।ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে কৃষি সৰ্বস্ব ঢকুৱাখনা সম-জিলাৰ বিভিন্ন প্ৰান্তৰ কৃষক পৰিয়ালৰ সকলো এতিয়া ব্যস্ত সোণগুটি চপোৱাৰ কামত।পকা ধানৰ আমোলমোল

মলয়াৰ বা লাগি আনন্দত নাচি উঠা সোণোৱালী লখিমীৰ জিৰজিৰ শব্দ , কাচিৰ খচখচনি আৰু আৰু বিৰিয়াৰ ঝনঝনা শব্দই যেন সৃষ্টি কৰিছে এক অনবদ্য সুৰ।মনৰ আনন্দত ধান দাই-দাই বিহু মাৰিছে দাৱনীসকলে। আঘোণৰ পথাৰত কেৱল 