...

ডিব্ৰুগড়ৰ সত্ৰীয়া সংস্কৃতি কেন্দ্ৰই প্ৰদান কৰিব সাধক বৰবায়ন দেবেন চন্দ্ৰ ভূঞাক ‘নিধিবন বঁটা’

ডিব্ৰুগড়ৰ সত্ৰীয়া সংস্কৃতি কেন্দ্ৰই প্ৰদান কৰিব সাধক বৰবায়ন দেবেন চন্দ্ৰ ভূঞাক ‘নিধিবন বঁটা’

চাইন অন ডেস্ক,১৯নৱেম্বৰ:

বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ সাধক, ৰাষ্ট্ৰীয় সাংস্কৃতিক গৱেষণা বঁটাপ্ৰাপক তথা বৰবায়ন মাজুলীৰ দেবেন চন্দ্ৰ ভূঞালৈ আগবঢ়োৱা হৈছে ‘নিধিবন বঁটা’। ডিব্ৰুগড় সত্ৰীয়া কলাকৃষ্টি কেন্দ্ৰই প্ৰদান কৰিবলগীয়া এই সন্মানৰ বাবে অনুষ্ঠিত জুৰী বৰ্ডৰ বৈঠকত বিভিন্ন দিশ পৰ্যালোচনা কৰি ভূঞাক আনুষ্ঠানিকভাৱে নিৰ্বাচন কৰা হয়। উল্লেখ্য যে জুৰী বৰ্ডত লেখক তথা নিবন্ধকাৰ চন্দন ফুকন, নৃত্যৰত্ন মোহন তামুলী, অভিযন্তা নিলোৎপল কোঁৱৰ, ব্যৱসায়ী ত্ৰিদীপ সৰ্গীয়াৰী, শিল্পী পপী দত্ত কলিতা, ৰীনা চেতিয়া গগৈ , জুলী দিহিঙীয়াই অংশগ্ৰহণ কৰি সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰে। এই বঁটাত নগদ ধন ২৫,০০০, গলবস্ত্ৰ, অংগবস্ত্ৰ লগতে পদক, মানপত্ৰ আৰু অন্যান্য উপহাৰ অন্তৰ্ভুক্ত থাকিব। অহা ২৩ আৰু ২৪ নৱেম্বৰত ডিব্ৰুগড়ৰ ঐতিহাসিক চৌকিডিঙী খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া শ্ৰীশ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা অনুষ্ঠানত আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ’ব।উল্লেখযোগ্য যে ‘নিধিবন’ উত্তৰ প্ৰদেশৰ বৃন্দাবনত অৱস্থিত ভাৰতৰ অন্যতম পৱিত্ৰ আৰু ৰহস্যময় ধৰ্মীয় স্থান। শ্ৰীকৃষ্ণ আৰু ৰাধাৰাণীৰ নিত্য ৰাসলীলাৰ সৈতে জড়িত এই স্থানক লৈ যুগ যুগ ধৰি বিভিন্ন ধৰ্মীয় বিশ্বাস আৰু জনশ্ৰুতি প্ৰচলিত হৈ আহিছে।জনবিশ্বাস অনুসৰি, প্ৰতিনিশা নিধিবনত শ্ৰীকৃষ্ণ আৰু ৰাধাৰাণীয়ে গোপীসকলৰ সৈতে ৰাসলীলা কৰে। সেই বিশ্বাসৰ আধাৰত সন্ধিয়াৰ আৰতিৰ পিছতে নিধিবনৰ দুৱাৰ বন্ধ কৰি দিয়া হয়। নিশা এই স্থানত কোনো লোক বা চৰাই-চিৰিকটি নাথাকে বুলিও জনশ্ৰুতি আছে। আনহাতে, নিধিবনৰ তুলসী গছবোৰ যোৰা পাতি থকা আৰু মাটিৰ ফালে হালি থকা দেখা যায়। ভক্তসকলে এই গছবোৰক গোপীৰ প্ৰতীক হিচাপে গণ্য কৰে। নিধিবনৰ ভিতৰত থকা ‘ৰং মহল’ নামৰ মন্দিৰটোক কেন্দ্ৰ কৰিও আছে বহু ৰহস্যময় জনবিশ্বাস। প্ৰচলিত বিশ্বাস অনুসৰি, নিশা ইয়াত চন্দনৰ বিছনা, দাঁত ঘঁহা কাঠী, পাণ আৰু পানী থৈ দিয়া হয়। পুৱা মন্দিৰৰ দুৱাৰ খোলাৰ পিছত এই সামগ্ৰীসমূহৰ অৱস্থাক লৈ ভক্তসকলৰ মাজত বিভিন্ন বিশ্বাস প্ৰচলিত হৈ আহিছে।
ভক্তি, আধ্যাত্মিকতা আৰু ৰহস্যৰ সৈতে জড়িত ‘নিধিবন’ৰ নামেৰে প্ৰৱৰ্তিত এই বঁটাৰ বাবে এগৰাকী নিষ্ঠাৱান সত্ৰীয়া সংস্কৃতিৰ সাধকক নিৰ্বাচিত কৰাটোৱে অসমৰ সত্ৰীয়া কলা-সংস্কৃতিৰ সাধনাৰ প্ৰতি এক বিশেষ স্বীকৃতি কঢ়িয়াই আনিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *