দুলীয়াজানত অষ্টসপ্ততিতম দ্বি-বার্ষিক অসম সাহিত্য সভা অধিবেশন
সংযোগী পথ,ষ্ট্ৰীট লাইট আৰু বিদ্যুত লাইন
নিৰ্মাণৰ শুভাৰম্ভ কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলিৰ
চাইন অন ডেস্ক,১৯ নবেম্বৰ:
অসম সাহিত্য সভাৰ অষ্টসপ্ততিতম দ্বি-বার্ষিক দুলীয়াজান অধিবেশনস্থলী সংযোগী কেইবাটাও পথ পুনৰ নিৰ্মাণ কামৰ আজি শুভাৰম্ভ কৰা হয়। এই পথ সমূহৰ পুনৰ নিৰ্মাণ কামৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা অসম সাহিত্য সভাৰ অষ্টসপ্ততিতম দ্বি বাৰ্ষিক দুলীয়াজান অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি ৰামেশ্বৰ তেলিয়ে। মন্ত্ৰী গৰাকীয়ে আজি প্ৰথমে দুলীয়াজানৰ নাওশলীয়া মাজগাঁৱৰ নৱ প্ৰগতি যুৱ সংঘৰ পৰা ২১ নং তেল খাদলৈকে ৬৯.৬২ লাখ টকাৰে নিৰ্মাণ হ’ব লগিয়া পথটোৰ শুভাৰম্ভণী কৰে। ইয়াৰ পিছতে ১১০ নং তৈল খাদৰ পৰা ২১ নং তৈল খাদ সংযোগী ৩৮.৬৪ লাখ টকাৰে নিৰ্মাণ হ’ব লগিয়া পথটো আৰু দুলীয়াজানৰ টিআৰডি সীমাৰ পৰা নাওশলীয়া,বকুলনী হৈ ভাদৈ পাঁচআলি সংযোগী ৮৯.৪৫ লাখ টকাৰে মেৰামতি কৰিবলগীয়া পথৰ কামৰ শুভাৰম্ভণি কৰে। ইয়াৰ উপৰি মন্ত্ৰী তেলিয়ে এই অধিবেশনৰ উপলক্ষত হুকুতা তিনিআলিৰ পৰা মধুটিং তিনিআলিৰ লৈকে পথকে ধৰি কেইবাটাও পথৰ ষ্ট্ৰীট লাইট স্থাপন আৰু বিদ্যুতৰ (এপিডিচিএল) পুৰণি লাইন আতঁৰাই নতুন লাইন স্থাপনৰ শুভাৰম্ভণি কৰে। এই উপলক্ষে ভিন্ন স্থানত
অনুষ্ঠিত অনুষ্ঠানত অসম সাহিত্য সভাৰ অষ্টসপ্ততিতম দ্বি বাৰ্ষিক দুলীয়াজান অধিবেশনৰ আদৰণি সমিতিৰ সম্পাদক ব্ৰজেন গগৈ, অসম গেছ কোম্পানীৰ লিমিটেডৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ,লোক নিৰ্মাণ বিভাগৰ দুলীয়াজান নাহৰকটীয়া সংমণ্ডলৰ কাৰ্যবাহী সহকাৰী কাৰ্যবাহী অভিযন্তা অৰূপ কলিতা,তাই আহোম উন্নয়ন পৰিষদৰ সদস্য বৈকুণ্ঠ গগৈ,বিজেপিৰ নাওশলীয়া মণ্ডলৰ সভাপতি কমল ইন্দুৱাৰ,হুগ্ৰীজান গাঁও পঞ্চায়তৰ সভাপতি মাধুৰ্য্য সোনোৱাল, আদি ব্যক্তি সকলৰ লগতে স্থানীয় গাঁৱবাসী উপস্থিত থাকে ।