...

নবম দ্বি-বাৰ্ষিক ব্ৰাহ্মণ মহাসভাৰ অধিৱেশনৰ সফল সামৰণি

নবম দ্বি-বাৰ্ষিক ব্ৰাহ্মণ মহাসভাৰ অধিৱেশনৰ সফল সামৰণি

চাইন অন ডেস্ক,১৮নবেম্বৰ:

ডিব্ৰুগড় আঞ্চলিক ব্ৰাহ্মণ মহাসভাৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনখনি দিনযোৰা কাৰ্যসূচীৰে ১৫ নবেম্বৰ দেওবাৰে খলিহামাৰী বৈষ্ণৱ কৃষ্টি কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। পুৱাৰ পতাকা উত্তোলন কৰে ডিব্ৰুগড় আঞ্চলিক ব্ৰাহ্মণ মহাসভাৰ সভাপতি বলীন্দ্ৰ নাথ বৰদলৈয়ে । ইয়াৰ পিছত স্মৃতি তৰ্পণ কৰে উপদেষ্টা ভবেশ বৰদলৈ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে। পুৱাৰ মুকলি সভাৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ৰুণুমী দেবীয়ে। ইয়াৰ পিছত ৺নীল কান্ত শৰ্মা দ্বাৰা ৰচিত ব্ৰহ্মাণ মহাসভাৰ বৃন্দগীত আৰম্ভ কৰে মহিলাসকলৰ দ্বাৰা পৰিৱেশিত গীতেৰে। মঞ্চত আসন অলংকৃত কৰে ভাপতি বলীন্দ্ৰ নাথ বৰদলৈ, উপদেষ্টা ভবেশ বৰদলৈ , সম্বন্ধীত ব্যক্তি বিশিষ্ট শৈল চিকিৎসক ডাঃ যতীন ভাগৱতী, বিশিষ্ট ভূতত্ত্ববিদ ড°যোগেন শৰ্মা, আৰু স্মৃতিগ্ৰন্থ উন্মোচক বিশিষ্ট শিক্ষাবিদ সঞ্জীৱ বৰদলৈ আৰু নিৰ্দিষ্ট বক্তা অৰুণ চন্দ্ৰ শইকীয়াই। অনুষ্ঠানটি আঁতধৰে নিলাভ নয়ন বৰদলৈ আৰু সম্পাদক যুগল শৰ্মাই। আনহাতে সভাৰ আৰম্ভনিতে যোৱা দুবছৰত স্বৰ্গগামী হোৱা জ্ঞাতি সকলৰ আত্মাৰ সদগতি কামনা কৰি সকলোৱে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। ইয়াৰ পিছত সম্পাদক যুগল শৰ্মাৰ উদ্দেশ্য ব্যাখ্যা আৰু প্ৰতিবেদন পাঠ। সম্বৰ্ধিত ব্যক্তি তিনিগৰাকীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত জয়ন্ত বৰদলৈ আৰু কণিকা মজুমদাৰ বৰদলৈৰ সম্পাদনা কৰা স্মৃতিগ্ৰন্থ “ডিবৰু ভাস্কৰ” উন্মোচন কৰে সঞ্জীৱ বৰদলৈয়ে। বিশিষ্ট অতিথি বক্তা অৰুণ চন্দ্ৰ শইকীয়াই “জ্যোতিষ শাস্ত্ৰ আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ” ৰ ওপৰত তত্ব গধুৰ বক্তৃতা প্ৰদান কৰে। শেষত সভাপতি বলীন্দ্ৰ নাথ বৰদলৈয়ে এনে অনুষ্ঠানৰ জৰিয়তে এটি জাতিৰ পৰিচয় কৰাই আমাৰ সমাজ জীৱনত তেওঁলোকৰ অৱদানৰ স্বীকৃতি প্ৰদান কৰাৰ ওপৰত গুৰুত্ব দিয়ে। উক্ত সভাতে নতুন কমিটি গঠন কৰা হয়। ২০২৬-২৭ বৰ্ষৰ বাবে সভাপতি ৰুণুমী দেবী আৰু সম্পাদক যুগল শৰ্মাক প্ৰদান কৰা হয়। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আঁত ধৰে লাকী চাংকাকতিয়ে। মহিলা সদস্যৰ ‌দলে কোৰাছ আৰু গোসাঁই নামেৰে অনুস্থানৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে কণিকা মজুমদাৰ বৰদলৈয়ে এটি স্বৰচিত কবিতা পাঠ কৰে৷ ৰিনী শৰ্মা আৰু চন্দনা শৰ্মাৰ বেহেলা বাদন, নীলিমা বৰদলৈ, পৰিণীতা বৰুৱা, ৰিতুপৰ্ণা চাংকাকতি , মনীষা বৰদলৈ, বেদ শ্ৰুতি ভট্টাচাৰ্য, ক্ষীৰদা দেৱী,জয়ন্ত বৰদলৈ, অভিপ্সা শৰ্মাৰ দলৰ গীত,আছিয়ানা কাশ্যপ, কৌশিক শৰ্মাৰ গীতে সকলোকে মোহাচ্ছন্ন কৰে। এইদৰে দিনজোৰা কাৰ্যসূচীৰে নবম দ্বি-বাৰ্ষিক অধিৱেশনৰ সামৰণি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *