মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মাজতে মিচিং জাতীয় সংগঠনত মোক্ষম আঘাত
ডিব্ৰুগড় জিলা মিচিং মিমাগ কেবাঙৰ সভাপতি-সাধাৰণ সম্পাদকসহ কেইবাগৰাকীও বিষয়ববীয়াৰ পদত্যাগ
চাইন অন ডেস্ক,১৮নৱেম্বৰঃ
মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ মিচিং ৰাজনীতিত ক্ৰমাৎ বৃদ্ধি পাইছে তৎপৰতা। নিৰ্বাচনৰ প্ৰাকক্ষণত মিচিং জাতীয় সংগঠনসমূহৰ ভিতৰচ’ৰাত সৃষ্টি হোৱা পদত্যাগৰ ধুমুহাই এইবাৰ বিশেষ চৰ্চা লাভ কৰিছে। মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মাজতে মিচিং জাতীয় সংগঠনত মোক্ষম আঘাত হানি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ কেইবাগৰাকীও আগশাৰীৰ বিষয়ববীয়াই নিজ নিজ পদৰ লগতে সংগঠনৰ পৰা পদত্যাগ কৰিছে। পদত্যাগ কৰা বিষয়ববীয়াসকলৰ ভিতৰত আছে ডিব্ৰুগড় জিলা মিচিং মিমাগ কেবাঙৰ সভাপতি মূলেন্দ্ৰনাথ মিলি আৰু সাধাৰণ সম্পাদক দ্বীপেন টায়েং। ইয়াৰ উপৰি টাকাম মিচিং পৰিণ কেবাঙৰ তিনিচুকীয়া জিলা সমিতিৰ উপ-সভাপতি ৰনোজ পাইত, টিএমপিকেৰ ডিব্ৰুগড় জিলা সমিতিৰ প্ৰাক্তন সভাপতি প্ৰণৱ বৰি, এমএমকেৰ ৰাজু মিলি, ভাস্কৰ য়েইন, ধৰ্মেন্দ্ৰ টায়েং, এমএমকেৰ দিব্যধৰ টায়েং, টিএমপিকেৰ কলাখোৱা আঞ্চলিক সমিতিৰ উপদেষ্টা ৰূপম য়েইন আৰু এমএমকেৰ কলাখোৱা আঞ্চলিক সমিতিৰ সম্পাদক মনোজ পাংগিঙেও পদত্যাগ কৰিছে। উল্লেখযোগ্য যে, অহা ৩০ নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। এই নিৰ্বাচনত টিএমপিকেই ৪০টা সমষ্টিতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। নিৰ্বাচনক কেন্দ্ৰ কৰি বিভিন্ন ৰাজনৈতিক দল আৰু সংগঠনৰ মাজত চলিছে ব্যাপক তৎপৰতা। এনে সময়তে মিচিং জাতীয় সংগঠনৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ বিষয়ববীয়াৰ পদত্যাগে নিৰ্বাচনী ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত বহন কৰিছে। আনহাতে, মিচিং জাতীয় সংগঠনৰ পৰা পদত্যাগ কৰাৰ পাছতেই পদত্যাগী বিষয়ববীয়াসকলৰ একাংশই মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৩৫ নং দিহিং-চেঁচা সমষ্টিৰ টিএমপিকেৰ প্ৰাৰ্থী কৰবী পাংগিঙৰ হৈ নিৰ্বাচনী প্ৰচাৰত সক্ৰিয়ভাৱে জঁপিয়াই পৰিছে। উল্লেখ্য যে, কৰবী পাংগিং টিএমপিকেৰ এগৰাকী প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যা। বৰ্তমান তেওঁ দিহিং-চেঁচা সমষ্টিৰ পৰা মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিশেষকৈ নিৰ্বাচনৰ পূৰ্বে সংগঠনৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ থকা নেতাসকলৰ পদত্যাগ আৰু তাৰ পাছতে এগৰাকী নিৰ্দিষ্ট প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰত নামি পৰাৰ ঘটনাই মিচিং ৰাজনৈতিক মহলত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। এই পদত্যাগে আগন্তুক নিৰ্বাচনত মিচিং জাতীয় সংগঠনসমূহৰ সাংগঠনিক স্থিতি আৰু নিৰ্বাচনী সমীকৰণত কেনে প্ৰভাৱ পেলায়, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব। ৩০ নৱেম্বৰৰ নিৰ্বাচনলৈ মাজত থকা সময়ছোৱাত এই ৰাজনৈতিক তৎপৰতাই দিহিং-চেঁচাকে ধৰি অন্যান্য সমষ্টিসমূহতো নিৰ্বাচনী পৰিৱেশ অধিক উত্তপ্ত কৰি তোলাৰ সম্ভাৱনা আছে।