...

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ থ্ৰীফ্ট এণ্ড ক্ৰেডিট কো অপাৰেটিভ চছাইটিৰ উদ্যোগত সমবায় দিৱস উদযাপন

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ থ্ৰীফ্ট এণ্ড ক্ৰেডিট কো অপাৰেটিভ চছাইটিৰ উদ্যোগত সমবায় দিৱস উদযাপন

চাইন অন ডেস্ক, ১৮নৱেম্বৰ:

অসম চৰকাৰৰ সমবায় সপ্তাহৰ লগত সংগতি শ্ৰীমন্ত শংকৰদেৱ সংঘ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত নাহৰকটীয়া প্ৰাথমিক শাখাৰ প্ৰেক্ষাগৃহত সমবায় সপ্তাহৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ডিব্ৰুগড় জিলা শাখাৰ থ্ৰীফ্ট এণ্ড ক্ৰেডিট কো অপাৰেটিভ চছাইটিৰ অধীনৰ মৰাণ ব্ৰাঞ্চ, ডিব্ৰুগড় সদৰ ব্ৰাঞ্চ আৰু নাহৰকটীয়া সদৰ ব্ৰাঞ্চৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে সমবায় দিৱস উদযাপন কৰা হয়। ডিব্ৰুগড় জিলা শাখাৰ সভাপতি দিগন্ত গোহাঁইৰ সভাপতিত্ব অনুষ্ঠিত হোৱাসভাখনি উদ্বোধন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ডিব্ৰুগড় জিলা শাখাৰ সম্পাদক ব্ৰজানন্দ ভূঞাই । সভাত থ্ৰীফ্ট এণ্ড ক্ৰেডিট কো অপাৰেটিভ চছাইটিৰ সঞ্চালক ভৱেশ হাজৰিকা, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মূলৰ সদস্য বীৰেন নীৰ্মলীয়া , জিলা শাখাৰ অন্যান্য বিষয়ববীয়া সকল সভাত উপস্থিত থাকে। অনুষ্ঠানত নাহৰকটীয়া ব্ৰাঞ্চৰ ১৭ টা আই-মাতৃ গোটক ঋণ আৰু ফেৰৎ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি চাৰিটা গোটক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।
সভাত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ এই থ্ৰীফ্ট এণ্ড ক্ৰেডিট কো অপাৰেটিভ চছাইটিৰ বেঙ্কৰ যোগেদি সহজে কম সূতৰ হাৰত ঋণ লাভৰ লগতে কেনেকৈ স্বাৱলম্বিতাৰে নিজক আগবঢ়াই নিব পৰা যায়, সেই বিষয়ে বিভিন্ন জনে নিজৰ অভিমত প্ৰকাশ কৰে। নাহৰকটীয়া শাখাৰ কাৰ্যবাহী বিষয়া জয়ন্ত পাঠকে অনুষ্ঠানটি আঁতধৰি চলিত বৰ্ষত এই শাখাত নতুনকৈ ছেভিংছ একাউণ্ট খুলিব পৰা সুবিধাও উপলব্ধ হৈছে বুলি ৰাইজ অৱগত কৰে। সভাত কেইবাটাও গোটৰ আইমাতৃ সকলে থ্ৰীফ্ট এণ্ড ক্ৰেডিট কো অপাৰেটিভ চছাইটিৰ পৰা ঋণ লৈ কেনে ধৰণে উপকৃত হৈছে সেই বিষয়ে অভিমত প্ৰকাশ কৰি অন্যান্য সকলকো এই সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *