খলিহামাৰি ৰেডক্ৰছ ৰোডৰ ১নং উপ পথৰ সাৰ্বজনীন নামঘৰত ভাগৱত পাঠ-ব্যাখ্যানুষ্ঠান
চাইন অন ডেস্ক,১৮নৱেম্বৰ:
ডিব্ৰুগড়ৰ খলিহামাৰি ৰেডক্ৰ’ছ ৰোডৰ এক নং উপ-পথৰ সাৰ্বজনীন নামঘৰৰ যোৱা ১৫ নৱেম্বৰত এদিনীয়াকৈ ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান অনুষ্ঠিত হয়৷ পুৱা ধৰ্মধবজা উত্তোলন কৰে উদ্যাপন সমিতিৰ অন্যতম উপদেষ্টা তথা সমাজকৰ্মী প্ৰণৱ মাক্ৰাৰীয়ে৷ ইয়াৰ পিছতে স্মৃতি তৰ্পণ
শুভাৰম্ভ কৰে উদ্যাপন সমিতিৰ সভাপতি মোহন বৰুৱাই৷ নামঘৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত মাটি দান কৰি ৰাইজক সহযোগ কৰা প্ৰয়াত ভোলা গগৈৰ পুত্ৰ পোনা গগৈ আৰু প্ৰতিষ্ঠা কালৰে পৰা জড়িত প্ৰয়াত ভূৱনেশ্বৰ ডেকাৰ পত্নী প্ৰমীলা ডেকাই বন্তী প্ৰজ্বলন কৰে৷ এই অনুষ্ঠানতে আদৰণী ভাষণ প্ৰদান কৰে উদ্যাপন সমিতিৰ সাধাৰণ সম্পাদক ৰাজীৱ শৰ্মাই৷ আনহাতে, জোনমণি চেতিয়াৰ নেতৃত্বত নাম-প্ৰসংগ সম্পন্ন হোৱাৰ পিছতেই ব্যাখ্যাকাৰক জগত বণিয়া, সমাজকৰ্মী প্ৰণৱ মাক্ৰাৰী, ভূমিদাতা পৰিয়ালৰ পোনা গগৈ, প্ৰমীলা ডেকাক সম্বৰ্ধনা জনোৱা হয়৷ ইয়াৰ লগে লগে ভাগৱত পাঠৰ লগতে এটা অতি মনোজ্ঞ ব্যাখ্যানুষ্ঠান অনুষ্ঠিত হয়৷ সন্ধিয়ালৈ সকলোৰে পদুলিত বন্তী প্ৰজ্বলন কৰাৰ পিছত নিশা মধুস্মৃতা গগৈ চেতিয়াৰ নেতৃত্বত এটি দলে দিহানামৰ মনপৰশা অনুষ্ঠানে সকলোকে আপ্লুত কৰি তোলে৷ অনুষ্ঠানটো সফল কৰাৰ ক্ষেত্ৰত উদ্যোক্তাসকলৰ হৈ নীলাম্বৰ ফুকন, নেত্ৰজ্যোতি ৰাজখোৱা, বুদ্ধেশ্বৰ দত্ত, প্ৰেম গগৈ, মানৱ গগৈ, দিপু গগৈ, লক্ষী সোনোৱাল, নিপা ফুকন, ভাগ্যৱতী গগৈ শৰ্মা, বুলু গগৈ, অনু গগৈ, নীতা গগৈ আদিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷