...

লাউৰ পুলিয়ে হল কাল !

লাউৰ পুলিয়ে হল কাল !

পুলিত পানী দিব গৈ ভৰি পিছলি মহিলাৰ মৃত্যু

নগৰবেৰা,১৮ নৱেম্বৰ:

গোৱালপাৰা জিলাৰ নবাগত শিমলীতোলা আৰক্ষী চকীৰ অন্তৰ্গত জিয়াগুৰীত সংঘটিত হৈছে এক শোকাবহ কাণ্ড।ভৰি পিছলি পুখুৰীত পৰি মৃত্যু ঘটিল এগৰাকী ৫০ বছৰীয়া মহিলাৰ। মহিলা গৰাকী জিয়াগুৰীৰ কদম আলীৰ পত্নী খদেজা খাতুন । পৰিয়ালৰ সুত্ৰে জনোৱা মতে আজি পুৱা নিজ গৃহৰ কাষত থকা এটা পুখৰী পাৰৰ লাউপুলিত পানী দিবলৈ গৈছিল।পুখৰীৰ পৰা পানী উঠাবলৈ ধৰোতেই ভৰি পিছলি পুখৰীত পৰি ককবকাবলৈ লয় আৰু কিছুপৰৰ পাছত মৃত্যু ঘটে।মহিলা গৰাকীৰ মৃত্যুৰ খবৰে পৰিয়ালৰ লগতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নবাগত শিমলীতোলা আৰক্ষী চকীত খবৰ দিয়াত শিমলীতোলা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মহিলা গৰাকীৰ মৃত্যুত শোকৰ ছাঁ বিয়পিছে পৰিয়ালটোত।

Leave a Reply

Your email address will not be published. Required fields are marked *