মহাসতী জয়মতীৰ পিতৃ লাই থেপেনা বৰগোহাঁইৰ বাসস্থান মাদুৰি গাওঁত সাহায্য আৰু চিকিৎসা শিবিৰ
চাইন অন ডেস্ক,৫আগষ্ট:
উজনি অসমৰ বানে ধুই নিয়া ইতিহাস প্ৰসিদ্ধ মহাসতী জয়মতী কোঁৱৰীৰৰ দেউতাক লাই থেপেনা বৰগোহাঁইৰ বাসস্থান মাদুৰি গাওঁৰ অৰ্ন্তগত বৰগোহাঁই পুখুৰী চুক,ফুকনৰ চুক সামৰি প্ৰায় ২৩০ ঘৰ বানপীড়িত লোকক দৈনন্দিন অত্যাবশ্যকীয় সামগ্ৰী যেনে – কাপোৰ,বাচন,গা ধোৱা চাবোন,স্কাব,টুথব্ৰাছ,টুথপেষ্ট,জুইশলা,চেভিং ব্লেড,মাস্ক আৰু এটা পানীৰ বাল্টিৰ সতে পানীৰ বটল দিয়াৰ উপৰিও পানী পৰিস্কাৰৰ বাবে
ফিটকিৰি,চেনিটেৰী পেড,পশু ধনৰ খাদ্য যোগান ধৰে।সমান্তৰালকৈ মাদুৰী নাট্যমন্দিৰ,কলাকৃষ্টি বিকাশ ৰংগমঞ্চ HANS প্ৰকল্পৰ সহযোগত স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু বিনামূলীয়া ঔষধ প্ৰদান কৰা হয়।এই সমগ্ৰ ব্যৱস্থাপনাত ডিব্ৰুগড়ৰ ফাৰ্মাচিষ্ট পংকজ বৰগোহাঁইৰ নেতৃত্বত খগেন সোণোৱাল,মৃগেন যাদৱ,দেৱজিত ডেকা,অমৰজ্যোতি সোণোৱাল,উৎপল বৰুৱা,সুশীল মৰাং,মনোৰঞ্জন চুতীয়া,জয়ন্ত ভৰালী,কংকণ জ্যোতি মহন্ত,ৰাজু বৰগোহাঁই,ক্ষীৰোদ বৰগোহাঁই,বুলবুল ডেকা,ৰোহিত চেত্ৰী,ডঃ ধ্ৰুৱ বৰগোহাঁই আৰু বিভূতি বৰগোহাঁইয়ে বিশেষভাবে সহযোগ কৰে।