...

প্ৰেচ ইনফৰমেচন ব্যুৰোৰ উদ্যোগত “বাৰ্তা” শীৰ্ষক “জনগণনা-২০২৭”

প্ৰেচ ইনফৰমেচন ব্যুৰোৰ উদ্যোগত “বাৰ্তা” শীৰ্ষক “জনগণনা-২০২৭”

তিনিচুকীয়া জিলাৰ সাংবাদকৰ্মীসকলৰ কৰ্মশালা

তিনিচুকীয়া,৫আগষ্টঃ

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ ন’ডেল সংস্থা প্ৰেচ ইনফৰমেচন ব্যুৰোৰ উদ্যোগত “বাৰ্তা” শীৰ্ষক “জনগণনা-২০২৭” ৰ ওপৰত তিনিচুকীয়া জিলাৰ সাংবাদকৰ্মীসকলৰ এখনি কৰ্মশালা কালি তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। জিলা আয়ুক্ত সুমিত ছাত্তাৱানে এই কৰ্মশালাৰ শুভ উদ্বোধন কৰি কয় যে, দেশ তথা ৰাজ্যৰ উন্নয়নৰ বাবে ফলপ্ৰসু পৰিকল্পনা প্ৰস্তুত কৰিবৰ বাবে জনগণনা অতিশয় গুৰুত্বপূৰ্ণ। জনগণনা-২০২৭ সফলভাবে আয়োজন কৰিবৰ বাবে ৰাইজৰ স্বতঃস্ফুত অংশগ্ৰহণ অতিশয় জৰুৰী। এইবাৰৰ চেনচাচত ডিজিটেল পদ্ধতিৰ সংযোজনে সম্পূৰ্ণ প্ৰক্ৰিয়াটো যথেষ্ঠ সুচল কৰি তুলিব বুলিও জিলা আয়ুক্তই উল্লেখ কৰে। আনহাতে ২ আগষ্টৰ পৰা আৰম্ভ হোৱা জনগণনা-২০২৭ ৰ প্ৰথম পৰ্যায়ৰ স্ব-গণনা প্ৰক্ৰিয়াৰ সন্দৰ্ভতো তেওঁ বিতংভাবে আলোকপাত কৰে। জিলা আয়ুক্তই ৰাইজক কোনো শংকা নোহোৱাকৈ স্ব-গণনা পক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। স্ব-গণনা পক্ৰিয়াত ৰাইজে দাখিল কৰা তথ্য সম্পূৰ্ণ সুৰক্ষিত আৰু গোপনীয়তা ৰক্ষা কৰা হব বুলিও উল্লেখ কৰে। কৰ্মশালাত উপস্থিত সংবাদকৰ্মীসকলক জনগণনা-২০২৭ ৰ গুৰুত্বতাৰ লগতে স্ব-গণনাৰ বিষয়ে ৰাইজক অৱগত কৰিবলৈ আহ্বান জনায়। জনগণনা-২০২৭ ৰ জিলা স্তৰৰ সংবাদ মাধ্যমৰ এই কৰ্মশালাত অসম লোকপিয়ল সঞ্চালকালয়ৰ যুগ্ম সঞ্চালক বিকাশ নাথ আৰু মাষ্টাৰ ট্ৰেইনাৰ তথা ডুমডুমা মহাবিদ্যালয়ৰ প্ৰফেচাৰ প্ৰানজিৎ শইকীয়াই চেনচাচ আইন ১৯৪৮, জণগণনা-২০২৭ ৰ সম্পূৰ্ণ প্ৰক্ৰিয়া তথা স্ব-গণনা সন্দৰ্ভত বিতংভাবে আলোকপাত কৰে। ইয়াৰ পাছতে কৰ্মশালাত উপস্থিত কেইবাগৰাকী সংবাদকৰ্মীৰ স্ব-গণনা পক্ৰিয়া সম্পন্ন কৰা হয়। কৰ্মশালাত অতিৰিক্ত জিলা আয়ুক্ত(চেনচাচ) পংকজ কুমাৰ নাগবংশী, সহকাৰী আয়ুক্ত মাধুৰীমা দিহিঙ্গীয়া, Central Bureau of Communication (CBC) ৰ ক্ষেত্ৰ প্ৰচাৰ বিষয়া ন’ভাল কিশোৰ প্ৰসাদ, দুৰদৰ্শন ডিব্ৰুগড়ৰ ৰিজনেল নিউজ এডিটৰ চুবিনা ৰয়, অসম লোকপিয়ল কাৰ্যালয়ৰ উপ সঞ্চালক প্ৰশান্ত কুমাৰ প্ৰমুখ্যে লোকপিয়ল সঞ্চালকালয়ৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *