ৰামফলবিলত কেএছডিছিৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী
২৮ নৱেম্বৰৰ ভিতৰত সমাধান নহ’লে ভয়ংকৰ আন্দোলনৰ হুংকাৰ !
দোতমা,১২নৱেম্বৰ:
কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান, কেএলঅৰ শান্তিচুক্তি , পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ-ৰাজবংশী ভাষাক সাংবিধানিক স্বীকৃতি দিয়াৰ দাবীত কমতাপুৰ ষ্টেট ডিমাণ্ড কাউঞ্চিল চমুকৈ কেএছডিছি (ডেম’ক্ৰেটিক)-ৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ সেৰফানগুৰীৰ অঞ্চলত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী । প্ৰশাসনৰ কঠোৰ স্থিতিৰ বাবে ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰিব নোৱাৰে যদিও টুনিয়াৰ ডাংগাৰ খেল পথাৰত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে ।কালি কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰি থানাৰ অন্তৰ্গত টুনিয়াডাঙাত 

উক্ত প্ৰতিবাদী কাৰ্যসূচীত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)-ৰ সম্পাদক বলোৰাম বৰ্মন আৰু কেএলঅ’ (কেএ)-ৰ অধ্যক্ষ ডি এল কোচ উপস্থিত থাকে। সংবাদ মাধ্যমৰ আগত দুয়োগৰাকী নেতাই কোচ-ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি চৰকাৰে কৰা প্ৰতাৰণা, বঞ্চনা আৰু প্ৰশাসনৰ ৰঙাচকুক তীব্ৰ গৰিহণা দিয়ে। লগতে, অহা ২৮ নৱেম্বৰৰ ভিতৰত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠকত এই সমস্যাসমূহৰ স্থায়ী সমাধান নহ’লে আগন্তুক দিনত ৰাজ্যজুৰি ভয়ংকৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি চৰকাৰক সকীয়নি প্ৰদান কৰে।এই প্ৰতিবাদী অনুষ্ঠানত কেএঅ কেএন জিন্দাবাদ , উই ওৱাণ্ট কামতাপুৰ আদি শ্লগান দিয়ে । উক্ত প্ৰতিবাদী সভাত আক্ৰাছুৰ সভাপতি বলোৰাম বৰ্মনে কয় যে কোচৰাজবংশী এক শান্তিপ্ৰিয় জাতি সেই বাবে এতিয়াও শান্তিৰ কথা চিন্তা কৰি আছে।এই জাতি বা জনগোষ্ঠীয়ে যদি কেতিয়াবা অশান্তিৰ পথ বাচিলবলগীয়া হয় তেনেহলে কোনেও ৰক্ষা কৰিব নোৱাৰিব বুলিও কয় ছাত্ৰ নেতা জনে।