...

ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক তুলাধুনা

ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক তুলাধুনা

ধুবুৰী,১২নৱেম্বৰ:

ধুবুৰী জিলাৰ আলমগঞ্জৰ উচ্ছেদস্থলীত কালি উপস্থিত হয় এআইইউডিএফৰ মুৰব্বী তথা ধুবুৰীৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল। আলমগঞ্জৰ উচ্ছেদিত অঞ্চল পৰিদৰ্শন কৰি উচ্ছেদিত পৰিয়ালসমূহক সাহায্যও আগবঢ়ায় আজমলে। পিছত উপস্থিত সংবাদ মাধ্যমেৰে হোৱা কথা-বতৰাত উচ্ছেদ অভিযানক লৈ তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। আজমলে উচ্ছেদ অভিযানক অন্যায় আৰু অবৈধ আখ্যা দি অসমজুৰি চলি থকা সকলো উচ্ছেদ অভিযান তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়। আনহাতে, উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাত ব্যৰ্থ হোৱাৰ বাবে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনকে ধৰি জিলাখনৰ কংগ্ৰেছ দলৰ আটাইকেইগৰাকী বিধায়কেও পদত্যাগ কৰা উচিত বুলি মন্তব্য কৰে আজমলে। তেওঁ কয় যে পূৰ্বে তেওঁ নিজে সাংসদ হৈ থকাৰ সময়ছোৱাত ১০-১৫ বছৰ ধৰি এনে উচ্ছেদ হ’বলৈ দিয়া নাছিল। আনকি নিশা ২ বজাতো সভা অনুষ্ঠিত কৰি উচ্ছেদ ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল বুলিও দাবী কৰে প্ৰাক্তন সাংসদগৰাকীয়ে। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনসহ ধুবুৰী জিলাৰ কংগ্ৰেছ দলৰ বিধায়ক আজমলৰ প্ৰশ্ন, “এতিয়া সাংসদ ক’ত? বিধায়কসকল ক’ত? বুলড’জাৰ কিয় বন্ধ কৰিব পৰা নগ’ল?” লগতে তেওঁৰ সাংসদ হুছেইনক কটাক্ষ, “তেওঁ সংসদত কেৰম বোৰ্ড খেলি আছে নেকি? ইয়াত এই কেৰম বোৰ্ড চলিব নেকি?” আলমগঞ্জৰ উচ্ছেদক শেহতীয়া আঢ়ৈ বছৰে বৰ্তমানৰ জনপ্ৰতিনিধিসকলৰ ব্যৰ্থতাৰ ফল বুলি অভিহিত কৰি আজমলে কয় যে চৰকাৰে বিষয়টোত গুৰুত্ব নিদিয়া পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব। প্ৰয়োজন হ’লে ধুবুৰীৰ পৰা দিল্লীলৈকে আন্দোলন গঢ়ি তোলা হ’ব বুলিও তেওঁ হুংকাৰ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *