...

বিশিষ্ট কবি-আবৃত্তিকাৰ নিমিষা শইকীয়াৰ দুখন গ্ৰন্থ উন্মোচন

বিশিষ্ট কবি-আবৃত্তিকাৰ নিমিষা শইকীয়াৰ দুখন গ্ৰন্থ উন্মোচন

চাইন অন ডেস্ক,১১ নৱেম্বৰ:

বিশিষ্ট কবি তথা আবৃত্তিকাৰ নিমিষা শইকীয়াৰ দুখন গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। খোজ অসমৰ উদ্যোগত চৌকিডিঙ্গী খেলপথাৰত অনুষ্ঠিত সপ্তম ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱৰ এক বিশেষ অনুষ্ঠানত আজি লেখিকাগৰাকীৰ গল্প সংকলন ‘অন্তঃসলিলা’ আৰু কবিতা পুথি ‘ৰ’দে পোৰা পখিলাৰ পাখি’ৰ দ্বিতীয় সংস্কৰণ উন্মোচন কৰা হয়। উক্ত উন্মোচনী অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° গোলাপ চন্দ্ৰ হাজৰিকা, ড° লক্ষীৰাম শইকীয়া, বিশিষ্ট নাট্যকৰ্মী অসীম কুমাৰ শৰ্মা, ডিব্ৰুগড় জিলা কবি সন্মিলনৰ সভাপতি ড° প্ৰশান্ত শইকীয়া আৰু কবি-সাহিত্যিক মিতালী মহন্তকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত গল্প সংকলন ‘অন্তঃসলিলা’ উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক তথা অনিৰুদ্ধদেৱ কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ভূষণ জ্যোতি সন্দিকৈয়ে। আনহাতে, ‘ৰ’দে পোৰা পখিলাৰ পাখি’ৰ দ্বিতীয় সংস্কৰণ উন্মোচন কৰে চিকিৎসক, কবি তথা লেখক ৰণজিৎ কুমাৰ বৰুৱাই। গল্প সংকলনখন উন্মোচন কৰি ভূষণ জ্যোতি সন্দিকৈয়ে লেখিকাৰ প্ৰথমখন গল্প সংকলনৰ সাৱলীল উপস্থাপনশৈলীৰ প্ৰশংসা কৰে। লগতে গ্ৰন্থখনত নাৰীৰ জীৱনৰ ঘাত-প্ৰতিঘাত, অনুভূতি আৰু জীৱন সংগ্ৰামৰ বিভিন্ন দিশ সুন্দৰভাৱে প্ৰতিফলিত হোৱা বুলি মন্তব্য কৰে।
উল্লেখ্য যে সপ্তম ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱৰ বাকৰিত নিমিষা শইকীয়াৰ এই দুখন গ্ৰন্থৰ উপৰি আন কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থ উন্মোচনী অনুষ্ঠানসমূহে গ্ৰন্থ মহোৎসৱৰ সাহিত্যিক পৰিৱেশ অধিক সমৃদ্ধ কৰি তোলে।

Leave a Reply

Your email address will not be published. Required fields are marked *