সেউজ জীৱন জৈৱিক কৃষি পামৰ চৌহদত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন
উন্মোচন কৰে জুবিনৰ জেঠায়েক ৰেণু শৰ্মাই।
চাইন অন ডেস্ক,১১নৱেম্বৰ:
ডিব্ৰুগড়ত প্ৰথম প্ৰাণৰ শিল্পী, গায়ক তথা সাংস্কৃতিক প্ৰতীক জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই শেহতীয়াকৈ এক আৱেগিক পৰিৱেশত উন্মোচন কৰা হয় শিল্পীগৰাকীৰ এটি সুন্দৰ প্ৰতিমূৰ্তি। দীপক বৰাৰ ব্যক্তিগত তত্ত্বাৱধান আৰু প্ৰচেষ্টাত নিৰ্মিত এই প্ৰতিমূৰ্তিটো সংস্থাপন কৰা হৈছে ‘সেউজ জীৱন জৈৱিক কৃষি পাম’ৰ সেউজীয়া চৌহদত।প্ৰকৃতি প্ৰেম আৰু শিল্পকলাৰ এক অপূৰ্ব সমাহাৰে ভৰা এই পামখনত শিল্পীগৰাকীৰ প্ৰতিমূৰ্তি স্থাপন হোৱাত স্থানীয় লোক আৰু জুবিন প্ৰেমীসকলৰ মাজত ব্যাপক উৎসাহ দেখা গৈছিল। প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত আৰম্ভণিতেই সৰ্বধৰ্মীয় প্ৰাৰ্থনা পিছতেই শিল্পীগৰাকীৰ এই বিশেষ প্ৰতিমূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে জুবিন গাৰ্গৰ জেঠায়েক ৰেণু শৰ্মাই। জেঠায়েকৰ কৰকমলেৰে উন্মোচিত হোৱা এই প্ৰতিমূৰ্তিয়ে উপস্থিত সকলোৰে মনত গভীৰ আৱেগৰ সৃষ্টি কৰে। বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পণেৰে আৰম্ভ হোৱা অনুষ্ঠানত জুবিন গাৰ্গৰ জনপ্ৰিয় গানেৰে চৌহদ মুখৰিত হৈ পৰে। উন্মোচক ৰেণু শৰ্মাই নিজৰ বক্তব্যত জুবিনৰ শৈশৱৰ স্মৃতি সুঁৱৰি তেওঁৰ সমাজমুখী আৰু শিল্পপ্ৰেমী স্বভাৱৰ ওপৰত আলোকপাত কৰে। লগতে, দীপক বৰাৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ ভূয়সী প্ৰশংসা কৰি তেওঁ কয় যে প্ৰকৃতিৰ কোলাত জৈৱিক কৃষি পামৰ মাজত এই প্ৰতিমূৰ্তিয়ে ভৱিষ্যত প্ৰজন্মক শিল্পীগৰাকীৰ আদৰ্শ আৰু প্ৰকৃতিক ভাল পাবলৈ সদায় অনুপ্ৰাণিত কৰি যাব। অনুষ্ঠানত জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতপৰ্ণ বৰুৱা, ডo মৃগাংক বৰুৱা, হাছান ইকবালৰ লগতে স্থানীয় বহু গণ্যমান্য ব্যক্তি, শিল্পীৰ অনুৰাগী তথা কৃষি পামৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। এই প্ৰতিমূৰ্তি উন্মোচনে কেৱল এজন শিল্পীকেই সন্মান জনোৱা নাই, বঞ্চনাহীন প্ৰকৃতি আৰু শিল্পৰ এক সুন্দৰ সংমিশ্ৰণৰ বাৰ্তাও বহন কৰিছে।