...

ডিব্ৰুগড় চৰকাৰী পেঞ্চনাৰৰ ভৱনত পেঞ্চনাৰৰ লাইফ চাৰ্টিফিকেট জমা

ডিব্ৰুগড় চৰকাৰী পেঞ্চনাৰৰ ভৱনত পেঞ্চনাৰৰ লাইফ চাৰ্টিফিকেট জমা

কেইবাগৰাকী অশীতিপৰ অৱসৰী কৰ্ম্মচাৰীৰ অংশগ্ৰহণ

চাইন অন ডেস্ক,১১নবেম্বৰ:

ডিব্ৰুগড়ৰ চৰকাৰী পেঞ্চনাৰ ভৱনত ৰাজ্য চৰকাৰৰ পেঞ্চনাৰ সকলৰ জীৱন প্ৰমাণ পত্ৰ (লাইফ চাৰ্টিফিকেট) কালি জমা দিয়াৰ অন্তিম দিন আছিল।সেই উপলক্ষ্য কালিৰ অনুষ্ঠানত কেইবাগৰাকী ৮০ বছৰৰ উৰ্ধৰ পেঞ্চনাৰকে ধৰি প্ৰায় ৮০ গৰাকী পুৰুষ মহিলাই অংশ গ্ৰহণ কৰি তেঁওলোকে হেঁপাহেৰে ‘লাইফ চাৰ্টিফিকেট’ জমা দিয়ে। প্ৰতিবছৰে নবেম্বৰ মাহত ডিব্ৰুগড়ৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ বিষয়াসকল আহি পেঞ্চনাৰ সকলৰ নথি পত্ৰ সমূহ পৰীক্ষা কৰি জমা লয়। আজিৰ অনুষ্ঠানত ডিব্ৰুগড় পেঞ্চনাৰ সন্থাৰ সম্পাদক মৃদুল শৰ্মাই আঁত ধৰা আৰু দিলীপ কুমাৰ দাসে সভাপতিত্ব কৰা অনুষ্ঠানত সন্থাৰ হৈ উপদেষ্টামণ্ডলী আৰু উপ-সভাপতিৰ লগতে বিষয়ববীয়াসকল উপস্থিত থাকে। ডিব্ৰুগড় ষ্টেট বেংকৰহৈ উপস্থিত থাকে উপ-শাখা পৰিচালক কুনাল কুমাৰ, উপ-পৰিচালক কংকন দাস আৰু যোগাযোগ বিষয়া অংকুৰ গগৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *